ETV Bharat / state

মঙলদৈ চহৰত পুনৰ কঠোৰ হ'ব নেকি লকডাউন ! - new case

মহামাৰী ক'ৰণাৰ গ্ৰাসত এতিয়া দৰং জিলা । দৈনিক বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । বৰ্তমানলৈ জিলাখনত ক'ভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা হৈছেগৈ ২০৩ গৰকী । এনে সময়ত জিলাখনত লকডাউন পুনৰ কঠোৰ হোৱাৰ আশংকা কৰা হৈছে । এই লৈ দৰঙৰ মঙলদৈ চহৰতো জনসাধাৰণ অধিক আতংকিত হৈ পৰা দেখা গৈছে । ইতিমধ্যে সোমবাৰে প্ৰশাসনে মঙলদৈৰ চিৰা বজাৰৰ এটা অংশ কণ্টেইনমেণ্ট জ'ন হিচাবে ঘোষণা কৰিছে ।

quarantine zone declare at chira bazar mangaldai
মঙলদৈ চহৰত পুনৰ কঠোৰ হ'ব নেকি লকডাউন !
author img

By

Published : Jun 29, 2020, 5:47 PM IST

মঙলদৈ,২৯জুন: দৰঙৰ মঙলদৈ চহৰত আৰু এটা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা । এইবাৰ ঘোষণা কৰা হ'ল মঙলদৈ চহৰৰ মাজমজিয়াতে অৱস্থিত চিৰা বজাৰৰ দুলাল ঘোষৰ 'ঘোষ চুইটচ' নামৰ মিঠাই দোকান এখনকে ধৰি দোকানৰ চৌপাশে আৱৰি থকা ১০০ মিটাৰৰ এটা অংশ ।

উল্লেখ্য যে, মিঠাইৰ দোকানখনত কৰ্মৰত মুন্নাছ আলি নামৰ এজন কৰ্মচাৰীৰ দেহত ক'ভিড-১৯ পজিটিভৰ উপস্থিতি ধৰা পৰাৰ পাছতে চহৰখনত সৃষ্টি হয় হুৱা-দোৱাৰ ৷ ততাতৈয়াকৈ প্ৰশাসনে মিঠাইৰ দোকানখন চিল কৰি দিয়াৰ লগতে দোকান চৌহদৰ চৌপাশৰ ১০০ মিটাৰ এলেকাক কণ্টেইনমেণ্ট জ'ন হিচাবে ঘোষণা কৰে ।

মঙলদৈ চহৰত পুনৰ কঠোৰ হ'ব নেকি লকডাউন !

ইতিমধ্যে চিৰা বজাৰৰ সমগ্ৰ অঞ্চলটো চেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব দিলে প্ৰশাসনৰ বিষয়াই।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.