দলগাঁও, 6 ছেপ্টেম্বৰ : শ্যামপুৰ আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধে দেওবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে । হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত শতাধিক ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ । প্ৰতিবাদকাৰী সকলে আৰক্ষী মুৰ্দাবাদ , আৰক্ষী প্ৰশাসন হুচিয়াৰ ,অসম আৰক্ষী হায় হায়, হত্যাকাৰীক ফাঁচি দিয়ক আদি শ্ল’গানৰে উত্তাল কৰে শ্যামপুৰ থানাৰ মূল প্ৰবেশ পথ ।
উল্লেখযোগ্য যে যোৱা ১ ছেপ্টেম্বৰ তাৰিখে সন্ধিয়া শ্যামপুৰ থানাৰ অন্তৰ্গত ২ নং মাগুৰমাৰীত পুত্ৰৰ সন্মুখতে মহম্মদ আলী নামৰ নিৰীহ লোক এজনক দাৰে ঘপিয়াই হত্যা কৰিছিল অস্ত্ৰ শস্ত্ৰৰে সজ্জিত এটা বৃহৎ দলে । উক্ত হত্যাকাণ্ডৰ বিৰুদ্ধে মৃত মহম্মদ আলীৰ লগত থকা পুত্ৰ ৰহিম আলীয়ে দহ জনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে যদিও ছদিন পাচতো মূল অভিযুক্তক গ্ৰেপ্তাৰ নকৰি হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলি শ্যামপুৰ আৰক্ষীৰ বিৰুদ্ধে দুই শতাধিক ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
পুত্ৰৰ সন্মুখতে পিতৃক হত্যা কৰা হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে ৰাইজৰ সহযোগত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুমকি দিয়ে আমছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদে । লগতে জঘন্য হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ শ্যামপুৰ আৰক্ষী বিষয়াক নিলম্বন কৰাৰ দাবী তোলে আমছুৰ লগতে প্ৰতিবাদ কাৰী ৰাইজে । উল্লেখযোগ্য যে, এজন অভিযুক্ত ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়ে যদিও মূল অভিযুক্ত সকল মুকলি আকাশৰ তলত মুক্ত বিচৰণ কৰা বুলি অবগত কৰে ভুক্তভোগী পৰিয়াল সদস্য সকলে ।
লগতে পঢ়ক : এতিয়াও ৰহস্যত ডাঃ ৰাহুল বসুমতাৰীৰ হত্য়াৰ কাৰণ