মঙলদৈ,29 ছেপ্টেম্বৰ : সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে মঙলদৈ পৌৰসসভাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী । সোমবাৰে সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী । মঙলদৈ পৌৰসসভাৰ কাৰ্যালয়ত দহ দিনীয়া কাৰ্যসূচীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি পৌৰসসভাৰ ঠিকাভিত্তক কৰ্মচাৰী সকলৰ চাকৰি চৰকাৰীকৰণৰ দাবী উত্থাপন কৰে ৷ উল্লেখ্য যে, যোৱা ২০১৩ চনতে অসম পৌৰ নিকায় কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত হয় যদিও আজিৰ বৰ্তমানলৈ সেয়া হৈ নুঠিল ।
অসম চৰকাৰৰ বিত্ত মন্ত্ৰী,বিভাগীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ পাচতো চৰকাৰৰ বিৰুদ্ধে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । সোমবাৰে পুনৰ এই দাবীৰেই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সন্থাটোৱে ৷ ইপিনে যোৱা ১ ৰ পৰা ৩ ছেপ্টেম্বৰলৈ সন্থাটোৱে আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰিছিল যদিও কোনো সুফল নোপোৱাত পুনৰ ২৮ ছেপ্টেম্বৰ অৰ্থাৎ সোমবাৰৰ পৰা ৭ অক্টোবৰলৈ দহ দিনীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন হ’ব লগতে এই দহ দিনীয়া কাৰ্যসূচী ৰূপায়ণৰ সময়ত সকলো অত্যাৱশকীয় সেৱা আগবঢ়োৱা হব বুলি অৱগত কৰে ।
লগতে পঢ়ক : স্বয়ং মুখ্যমন্ত্ৰীৰ জনসভাতেই ভংগ হ'ল ক'ভিড প্ৰট'কল