হোজাই, 2 জুন : হোজাই জিলাৰ উদালী আদৰ্শ চিকিৎসালয়ত সংঘটিত হোৱা চিকিৎসক-নাৰ্চক আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । ক'ভিড হাস্পতালত নিয়োজিত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক মঙলবাৰে একাংশ লোকে চিকিৎসালয়ৰ ভিতৰতে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল । মঙলবাৰে সংঘটিত উক্ত ঘটনাক কোনো চিকিৎসক চিকিৎসাকৰ্মীয়ে সহজভাৱে ল’ব পৰা নাই ।
উক্ত ঘটনাৰ প্ৰতিবাদত বুধবাৰে সমগ্র অসমৰ লগত মঙলদৈৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে চিকিৎসা সেৱা বৰ্জন কৰি ক’লা বেজ পৰিধান কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে ক'ভিড ৰোগী, জৰুৰীকালীন সেৱা আগবঢ়াব যদিও বিৰত থাকিব অস্ত্ৰোপচাৰৰ পৰা । উক্ত কাৰ্যসূচীত সদৌ অসম চিকিৎসা সেৱা সন্থাৰ সভাপতি ডাঃ ননী গোপল চহৰীয়া, দৰং জিলা চিকিৎসা সেৱা সন্থাৰ ডাঃ জয়ন্ত ডেকাকে ধৰি অৰ্ধ শতাধিক চিকিৎসকে অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে, হোজাই জিলাৰ ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি মৃতকৰ আত্মীয়ই নিৰ্মম ভাৱে প্ৰহাৰ কৰিছিল চিকিৎসক ডাঃ সেউজ সেনাপতিক ৷ চিকিৎসক গৰাকীৰ প্ৰহাৰৰ সমগ্ৰ দৃশ্য ভাইৰেল হৈছিল সামাজিক মাধ্যমত ৷ যাক লৈ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
লগতে পঢ়ক: লংকাত চিকিৎসকক আক্ৰমণ সন্দৰ্ভত কি ক’লে আৰক্ষী সঞ্চালক প্ৰধানে ?