ETV Bharat / state

দলগাঁৱত অসাৰ প্ৰতিপন্ন প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰতৰ সপোন

author img

By

Published : Jun 18, 2021, 10:40 PM IST

দেশৰ প্ৰধানমন্ত্ৰী(PM) নৰেন্দ্ৰ মোদী(narendra modi)য়ে ভাৰতবৰ্ষক এখন স্বচ্ছ দেশ গঢ়ি তোলাত ব্ৰতী হৈ থকাৰ সময়তে অসমৰ একাংশ ঠাইত প্ৰধান মন্ত্ৰীৰ এই সপোন অসাৰ প্ৰতিপন্ন হৈ আহিছে ৷ তাৰেই এক ছবি প্ৰতিফলিত হৈছে সদাব্যস্ত তথা দলগাঁৱৰ মাজ মজিয়াত ৰাজ্যিক চিকিৎসালয় আৰু দৈনিক বজাৰৰ মধ্যস্থলত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এটা জাৱৰৰ দমত ৷ এই দমটোৱে পৰিচয় দিছে স্থানীয় প্ৰশাসন তথা বজাৰ সমিতিৰ লগতে জনপ্ৰতিনিধি সকলৰ চৰম দায়িত্বজ্ঞানহীনতাৰ ৷ যাক লৈ চিন্তিত হৈ পৰিছে স্থানীয় লোকসকল ৷

Prime Minister's dream of Swacha Bharat Mission is unsuccessful in Dalgaon
দলগাঁৱত অসাৰ প্ৰতিপন্ন প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰতৰ সপোন

দলগাঁও,18 জুন: এটা জাৱৰৰ দমে বিপদ মাতিছে দৰঙৰ এটা ব্যস্ত অঞ্চললৈ ৷ যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী (PM) নৰেন্দ্ৰ মোদী(narendra modi)য়ে দেশৰ জনসাধাৰণক প্লাষ্টিক বৰ্জনৰ আহ্বান জনাই এখন স্বচ্ছ দেশ গঢ়ি তোলাত ব্ৰতী হৈছে সেইসময়তে দলগাঁৱৰ এক দৃশ্যই চিন্তিত কৰি তুলিছে স্থানীয় লোকক ৷ সদাব্যস্ত তথা দলগাঁৱৰ মাজ মজিয়াত ৰাজ্যিক চিকিৎসালয় আৰু দৈনিক বজাৰৰ মধ্যস্থলত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এটা জাৱৰৰ দমে পৰিচয় দিছে স্থানীয় প্ৰশাসন তথা বজাৰ সমিতিৰ লগতে জনপ্ৰতিনিধি সকলৰ চৰম দায়িত্বজ্ঞানহীনতাৰ ৷

দীৰ্ঘদিন ধৰি সদাব্যস্ত অঞ্চলটোত পৰি ৰোৱা এই পেলনীয়া আৱৰ্জনাৰ দমটোৱে জীয়াতু ভোগাইছে পথচাৰীৰ লগতে চিকিৎসা কেন্দ্ৰলৈ অহা-যোৱা কৰা লোকসকলক ৷ বেমাৰৰ বীজাণুৰ বাহকৰূপী এই দমটোৱে অসাৰ প্ৰতিপন্ন কৰিছে দেশৰ মুখ্যমন্ত্ৰীৰ সকলো আহ্বানক ৷ চিকিৎসালয়খনৰ গাতে লাগি থকা এই জাৱৰৰ দমটোৱে এক প্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছে চিকিৎসাধীন ৰোগী তথা স্বাস্থ্যকৰ্মী সকলৰ প্ৰতি ৷

উল্লেখযোগ্য যে, স্থানীয় লোক তথা চিকিৎসালয় কৰ্তৃপক্ষই বাৰাম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জাৱৰ নিষ্কাষণৰ বাবে অনুৰোধ কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ সম্প্ৰতি স্বচ্ছ ভাৰত মিছনৰ দৰে অভিযান কাৰ্যকৰী কৰা হৈ থকাৰ পাচতো দলগাঁও প্ৰশাসনৰ এনে ভুমিকাৰ প্ৰতি আঙুলি টোৱাইছে একাংশ সচেতন লোকে ৷ ইফালে, জনৱসতিপূৰ্ণ অঞ্চলসমূহ চেনিটাইজেশ্বন তথা চাফ-চিকুণ কৰি থকাৰ সময়তে দৰঙৰ দলগাঁৱৰ এই দৃশ্যই চিন্তিত কৰি তুলিছে স্থানীয় ৰাইজক ৷

লগতে পঢ়ক: নাৰায়ণপুৰৰ ৰাধাপুখুৰীত মৃতদেহ উদ্ধাৰ

যি সময়ত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশক এখন স্বচ্ছ ভাৰতবৰ্ষ হিচাপে গঢ়ি তুলিব বিচাৰিছে, তেনে সময়তে তেওঁৰ এই সপোন কেৱল সপোন হৈয়ে ৰ'ব নেকি বুলিও একাংশ লোকে প্ৰশ্ন উত্থাপন কৰিছে ৷ এই বিষয়টো তথা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জাৱৰৰ দম আতৰাই ঘাইপথটো আৰু ইয়াৰ চৌপাশ পৰিস্কাৰ কৰি তোলাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে আগন্তুক সময়ত সেয়াহে লক্ষণীয় হ'ব ৷

লগতে পঢ়ক: অচিৰেই ৰঙিয়াৰ পৰা কামাখ্যালৈ চলিব বিদ্যুৎ চালিত ৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.