ETV Bharat / state

জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক; কাণ-সাৰ নাই জনপ্ৰতিনিধিৰ - ছিপাঝাৰ আৰু মঙলদৈ সমষ্টি

এখন জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে ছিপাঝাৰ আৰু মঙলদৈ সমষ্টিৰ সীমান্তৱৰ্তী গাঁওবাসীক । কাণসাৰ নাই জন-প্ৰতিনিধিৰ ।

জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক
author img

By

Published : Sep 12, 2019, 3:25 AM IST

Updated : Sep 12, 2019, 12:19 PM IST

দৰং,১২ ছেপ্টেম্বৰঃ যিসময়ত সমগ্ৰ দেশৰ লগতে অসমৰো ৰাষ্টা-ঘাট, দলঙৰ ক্ষীপ্ৰ উন্নয়নৰ ফলত যাতায়ত ব্যৱস্থা সুগম হৈ পৰিছে বুলি চৰকাৰী ভাৱে কোৱা হৈছে সেই একেটা সময়তে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে বহু গাওঁবাসীয়ে ৷

জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক

এখন ভঙা কাঠৰ দলঙে জীয়াতু ভোগাইছে গাঁওবাসীক । দৰং জিলাৰ ছিপাঝাৰ আৰু মঙলদৈ সমষ্টিৰ সীমান্তৱৰ্তী শাকতোলা নদীৰ ওপৰত আছে এইখন দলং । বিগত ১৫ বছৰে জৰাজীৰ্ণ হৈ আছে এই দলঙখন । দলঙখনৰ অৱস্থা ক্ৰমাৎ শোচনীয় হৈ পৰিছে ৷ বহুসময়ত কেবাটাও দুৰ্ঘটনা সংঘটিত হৈছে বুলিও গাঁওবাসীয়ে জানিবলৈ দিছে।

জৰাজীৰ্ণ কাঠৰ দলঙখনে জীয়াতু ভোগাইছে বৃহত্তৰ ছিপাঝাৰ অঞ্চলটোৰ ১২ খনকৈ গাঁৱৰ ৰাইজক । ইতিমধ্যে,দলঙৰ পৰা পৰি আহত হৈছে কেইবাজনো লোক । বহু বাৰ দলং খন পুনৰ নিৰ্মাণৰ বাবে চৰকাৰক গাঁৱৰ ৰাইজে দাবী জনাই আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ সাধাৰণ ৰাইজৰ ৷সেয়েহে স্থানীয় গাওঁবাসীয়ে অতি শীঘ্ৰে পুনৰ এখন পকী দলং নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছে ৷

Intro:এখন ভঙা কাঠৰ দলঙে জিয়াতু ভোগাইছে গাও বাসীকBody:দৰঙ জিলাৰ ছিপাঝাৰ আৰু মঙলদৈ সমষ্টিৰ সীমান্তৱৰ্তী শাকতোলা নদীৰ ওপৰত থকা এইখন দলং প্ৰায় ১৫ বছৰ ধৰি জৰাজীৰ্ন অবস্হাতে আছে।বিগত বছৰ বছৰ ধৰি জৰাজীৰ্ন কাঠৰ দলং খনে যাতায়তত জীয়াতু ভোগাইছে বৃহত্তৰ ছিপাঝাৰ অঞ্চলটোৰ ১২ খনকৈ গাৱৰ ৰাইজক ।দলং খনৰ পৰা পৰি ইতিমধ্যে কেইবাগৰাকী লোক আহত হবলগীয়া হৈছে। বছৰ বছৰ ধৰি মঙলদৈ আৰু ছিপাঝাৰ সমষ্টিৰ জন প্ৰতিনিধিৰ চকু নপৰা জৰাজীৰ্ন কাঠৰ দলং খনৰ বাবে গাওঁসমূহৰ গাওঁবাসী ৰাইজে ৮ কিলোমিটাৰ দূৰত্ব ঘুৰি যাতায়ত অব্যাহত ৰাখিব লগীয়া হৈছে।
Byte_গাও বাসীConclusion:বহু বাৰ দলং খন পুনৰ নিৰ্মান বাবে চৰকাৰক দাবী জনাই আহিছে যদিও কোনো ব্যৱস্হা গ্ৰহন নকৰিলে ৷
দেবব্ৰত গোস্বামী দৰঙ
Last Updated : Sep 12, 2019, 12:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.