ETV Bharat / state

কলাইগাঁও কাণ্ড : ৰামৰায়পাৰাত আৰক্ষীৰ অভিযান

ছিপাঝাৰৰ বানেইকুচি ৰামৰায়পাৰা গাঁৱত আৰক্ষীৰ অভিযান ৷ ৰমেশ চহৰীয়াৰ সন্ধানত এই অভিযান ৷ দিল্লীলৈ পলাই যোৱাৰ শংকা স্থানীয় ৰাইজৰ ৷ ৰমেশ চহৰীয়াৰ প্ৰৰোচনাতে ওদালগুৰি কাণ্ড সংঘটিত হোৱাৰ অভিযোগ ৷

author img

By

Published : Jul 8, 2019, 4:49 PM IST

ৰামৰায়পাৰাত আৰক্ষীৰ অভিযান

ছিপাঝাৰ, 8 জুলাই : ওদালগুৰি কাণ্ডৰ অন্যতম অভিযুক্ত তান্ত্ৰিক ৰমেশ চহৰীয়াক বিচাৰি চলাথ কৰিছে আৰক্ষীয়ে ৷ সোমবাৰে দৰং আৰক্ষীয়ে ৰমেশ বাবাক বিচাৰি চলায় অনুসন্ধান । ছিপাঝাৰ পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত বানেইকুচি ৰামৰায়পাৰা গাঁৱত থকা ঘৰত লুকাই থকাৰ বাতৰি পাই আৰক্ষীয়ে চলাইছিল অভিযান ৷ কিন্তু অভিযুক্ত ৰমেশ চহৰীয়াক বিচাৰি পোৱা নগ’ল ৷ ভণ্ড তান্ত্ৰিকগৰাকী দিল্লীলৈ পলাই যোৱাৰ শংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, শনিবাৰে কলাইগাঁৱৰ কুলশীপাৰ গাঁৱত সংঘটিত হোৱা ঘটনাত জড়িত থকাৰ অভিযোগ ৰমেশ বাবাৰ বিৰুদ্ধে ৷ ৰমেশ চহৰীয়াৰ প্ৰৰোচনাতে পৰিয়ালটোৱে উলংগ নৃত্য কৰি নৰবলি দিবলৈ উদ্যত হোৱাৰ অভিযোগ ৷ অভিযুক্ত বাবাৰ সন্ধানত আৰক্ষীয়ে চলায় আছে তীব্ৰ অভিযান ৷

Intro:👉ৰমেশ বাবাৰ সন্ধানত আৰক্ষী ৰ তালাচী/অনুসন্ধান ।
👉ভণ্ড ৰমেশক সামাজিক বয়কটৰ /বৰ্জনৰ আহ্বান ।
👉 যাদৱ চহৰীয়াৰগোধন ৰমেশৰ চোতালত আৱদ্ধ ।
👉 ছিপাঝাৰ ৰামৰাই পাৰাত নিমাওমাও পৰিবেশ ।
👉 বিশাল সম্পত্তিৰ ৰমেশ বাবা দিল্লী যাত্ৰাৰ আশংকা ।
Body:কলাইগাও কুলশীক পাৰ লোমহৰ্ষক কাণ্ডৰ মূল খলনায়ক ৰমেশ চহৰীয়া ওৰফে ৰমেশ বাবাৰ সন্থানত সোমবাৰে দৰং আৰক্ষীয়ে চলায় অনুসন্ধান । ছিপাঝাৰ পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত বানেইকুচি ৰামৰায়পাৰা গাৱত থকা বাবাৰ ঘৰত লুকাই থকাৰ বাতৰি পাই আৰক্ষীয়ে চলাইছিল অভিযান ৷দুটাকৈ ভৰাল ঘৰৰ কোনোবা স্থানত লুকাই থকাৰ আকংশা কৰিছিল । মনকৰিবলগীয়া যে ৰমেশ বাবাৰ দুটাকৈ বিশাল পুখুৰী সহ ১৫/২০ বিঘাৰ গৃহ চৌহদৰ অধিকাৰী ।স্থানীয় ঐক ৰাজহুৱা মন্দিৰৰ সহকাৰী সম্পাদক ৰমেশ বাবাৰ স্থানীয় মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতিৰেই সামাজিক ভাবে বৰ্জনৰ আহ্বান জনালে স্থানীয় ৰামৰাই পাৰা গাওৰ আঞ্চলিক মন্দিৰ সমিতিয়ে সামাজিক ভাৱে বৰ্জনৰ হুংকাৰ দিছে ।আনহাতে ৰমেশবাবাৰ এক ভাতৃ দিল্লিৰ এক কোম্পানীতে কাম কৰাৰ সূত্ৰে দিল্লীলৈ পলায়ন আকাংশাত আনুস্থানিক ভাৱে প্ৰাকাশ কৰিছে স্থানীয় ৰাইজে অৱশ্যে যাদৱ চহৰীয়াৰ পত্নী য়ে দাবী কৰাৰ দৰেই আজি ৰমেশ বাবৰ চোতালত দেখা গ'ল যাদৱ চহৰীয়াৰ গো ধন ।Conclusion:৬ টাকৈ গোধন মাত্ৰ ২০০০০ টকা দি কিিিিনি আনাৰ ৰমেশ বাবাৰ সনদৰ্ভত যাদৱ চহৰীয়া ৰ পত্নী পূৰ্ণ্যকান্তিয়ে দাবী কৰা তথ্য ইয়াৰ পৰা সত্য প্ৰমানিত হৈছে ।
Debabrat goswami, darrang
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.