ETV Bharat / state

দৰঙত পুনৰ দুজন কৰ’ণাত আক্ৰান্ত - Containment Zone

বহিঃৰাজ্যৰ পৰা অসমলৈ অহা দুগৰাকী ব্য়ক্তি আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত ৷ দৰঙৰ ব্যক্তি দুগৰাকীয়ে চৰকাৰী নীতি অনুসৰি কোৱাৰেণ্টাইন সম্পূৰ্ণ কৰাৰ পিছতহে এই ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ৷

people got corona positive after completed quarantain darrang assam etv bharat news
দুজন ব্যক্তি কৰ’ণাত আক্ৰান্ত
author img

By

Published : Jun 18, 2020, 1:03 PM IST

দৰং,18 জুন: তামিলনাডুৰ পৰা ৰে’লযোগে অসমলৈ অহা দৰঙৰ দুই ব্যক্তিক চৰকাৰী নীতি অনুসৰি ৰখা হৈছিল কোৱাৰেণ্টাইনত ৷ কোৱাৰেণ্টাইন সম্পূৰ্ণ হোৱাৰ পিছত পুনৰ ব্যক্তি দুজনক হোম কোৱাৰেণ্টাইনৰ বাবে পঠিওৱা হৈছিল ঘৰলৈ ৷ নিয়ম অনুসৰি 12 জুনত কোৱাৰেণ্টাইন সম্পূৰ্ণ কৰে ব্যক্তি দুজনে ৷

দুজন ব্যক্তি কৰ’ণাত আক্ৰান্ত

পৰৱৰ্তী সময়ত অৰ্থাৎ 13 জুনত এগৰাকী ব্যক্তিয়ে মঙলদৈত বজাৰ সমাৰ কৰাৰ লগতে এচবিআইৰ এটিএমৰ পৰা টকা উলিয়ায় ৷ তাৰপিছত অত্যাৱশ্যকীয় ঔষধ ক্ৰয় কৰি বিভিন্ন বজাৰ-সমাৰ কৰা ব্যক্তিগৰাকীয়ে পিছদিনা আন্ধেৰীঘাটস্থিত শহুৰেকৰ ঘৰলৈ যায় ৷ লগতে নামখলা বজাৰতো বজাৰ কৰে কোৱাৰেণ্টাইন সম্পূৰ্ণ কৰা ব্যক্তি এগৰাকীয়ে ৷ কিন্তু স্বাভাৱিকভাৱে সকলো চলি থকাৰ পিছতো ব্যক্তি দুজনৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতিৰ কথা জানিব পৰা যায় ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ মঙলদৈ আৰু পশ্চিম দৰঙত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷ সম্প্ৰতি নামখলা বজাৰ সাত দিনৰ কাৰণে বন্ধ কৰাৰ লগতে গোমথাপাৰা গাঁৱক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই ৷

লগতে চাওকঃ বৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যুক পৰিকল্পিত হত্যা আখ্যা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.