ETV Bharat / state

দলগাঁৱত ব্লেক বৰ্ডতে সীমাবদ্ধ বয়নৰ প্ৰশিক্ষণ - অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প

অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প উন্নয়নৰ নামত ভেকোঁভাওনা ৷ তাঁতশালৰ সলনি প্ৰশিক্ষণ দিয়া হয় এখন ব্লেক বৰ্ডত৷ মকৰাৰ জালেৰে আবৃত তাঁতশাল সমূহ পৰি আছে যদিও কোনো গুৰুত্ব নাই বিভাগটোৰ ৷

দলগাঁৱত ব্লেক বৰ্ডতে সীমাবদ্ধ বয়নৰ প্ৰশিক্ষণ
author img

By

Published : Aug 22, 2019, 5:06 PM IST

দলগাঁও, ২২ আগষ্টঃ অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰত চৰম দুৰ্নীতি ৷ দৰঙৰ দলগাঁৱত থকা হস্ততাঁত আৰু বস্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰটোত প্ৰশিক্ষণ দিবলৈ প্ৰশিক্ষক আৰু কৰ্মচাৰী আছে যদিও নাই কোনো তাঁতশালৰ সঁজুলি ৷ তাৎপৰ্যপূৰ্ণ ভাৱে তাঁতশালৰ সলনি প্ৰশিক্ষণ দিয়া হয় এখন ব্লেক বৰ্ডত৷ তাঁত শালৰ মাকো, যঁতৰত কৰা কাম, সূতা পকোৱা ইত্যাদি সকলো কাম ব্লেকবৰ্ডতে শিকাই প্ৰশিক্ষকে । বছৰ বছৰ ধৰি মামৰে ধৰা, মকৰাৰ জালেৰে আবৃত তাঁতশাল সমূহ পৰি আছে যদিও কোনো গুৰুত্ব নাই বিভাগটোৰ৷ তাৰোপৰি নতুন তাঁতশাল ক্ৰয় কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষয়ো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ।

দলগাঁৱত ব্লেক বৰ্ডতে সীমাবদ্ধ বয়নৰ প্ৰশিক্ষণ

তাঁতশাল নথকাকৈ যুৱক যুৱতী সকলে কেনেকৈ হস্ততাঁত আৰু বয়ন শিল্পৰ প্ৰশিক্ষণ লৈ আছে এই লৈ স্থানীয় ৰাইজৰ মাজত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ একাংশৰ মতে তাঁতশাল নোহোৱাকৈ এনেধৰণৰ ভুৱা প্ৰশিক্ষণ দিয়াৰ নামত বিভাগটোৰ এচাম বৰমূৰীয়াই কৰিছে ধন আত্মসাৎ ৷ প্ৰশিক্ষণ কেন্দ্ৰটোত ছাত্ৰ ছাত্ৰীৰ বাবে শ্ৰেণী কোঠা , ডেক্স বেঞ্চ আছে যদিও এদিনো ৰাইজে দেখা নাপালে কেন্দ্ৰটোত প্ৰশিক্ষণ ল'বলৈ যোৱা কোনো এজন যুৱক যুৱতীক । একমাত্ৰ কাগজ কলমতে হস্ততাঁত আৰু বস্ত্ৰ প্ৰশিক্ষণ উদ্যোগটোক জীয়াই ৰাখি বিভাগটোৰ এচাম দুৰ্নীতিগ্ৰস্থ বিষয়াই প্ৰশিক্ষণৰ নামত ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছে৷

Intro:Slug.. Dalgaon functionless weaving centre

Byte.. (1)Trainer of centre (2) public

## আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল ।
## অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প উন্নয়নৰ নামত ভেকোঁভাওনা ৷
## দলগাঁৱত ব্লেক বৰ্ডতে বয়নৰ প্ৰশিক্ষন সীমাবদ্ধ ।

Body:
দলগাও /২২ আগষ্ট

ভেকোঁভাওনাত পৰিনত হৈছে অসম চৰকাৰৰ হস্ত তাঁত আৰু বস্ত্ৰ প্ৰশিক্ষন কেন্দ্ৰ ৷ দৰঙৰ দলগাঁৱত থকা হস্ততাঁত আৰু বস্ত্ৰ প্রশিক্ষণ কেন্দ্রটোত প্ৰশিক্ষন দিবলৈ প্ৰশিক্ষক আৰু কৰ্মচাৰী আছে যদিও নাই কোনো তাঁতশালৰ সঁজুলি ৷ তাৎপৰ্যপূৰ্ণ ভাৱে তাঁতশালৰ সলনি প্ৰশিক্ষন দিয়া হয় ব্লেক বৰ্ড এখনতহে ৷ তাঁত শালৰ মাকো, যঁতৰৰ হাতে কামে কৰা কাম, সুতা পকোৱা ইত্যাদি সকলো কাম শিকাই ব্লেকবৰ্ডতে । বছৰ বছৰ ধৰি ভঙা চিঙা, মামৰে ধৰা, মকৰাৰ জালেৰে আবৃত তাঁতশাল সমূহ এনেদৰে পৰি আছে যদিও বিভাগটোৰ নাই কোনো গুৰুত্ব । নতুন তাঁতশাল ক্ৰয় কৰাৰ বাবে গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা । পৰিবৰ্তন কামী বিজেপি চৰকাৰ খনৰ পৰা এই ক্ষেত্ৰত ৰাইজে বহু আশা কৰিছিল যদিও বৰ্তমান চৰকাৰৰ দিনতো কাম নোহোৱা এটা বিভাগত পৰিনত হৈছে এই হস্ততাঁত বিভাগটো ৷ ইপিনে তাঁতশাল নথকাকৈ যুৱক যুৱতী সকলক কেনেকৈ হস্ততাঁত আৰু বয়ন শিল্পৰ প্ৰশিক্ষন দি আছে এই লৈ স্থানীয় ৰাইজৰ মাজত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ একাংশৰ মতে তাঁতশাল নোহোৱাকৈ এনেধৰনৰ ভুৱা প্ৰশিক্ষন দিয়াৰ নামত বিভাগটোৰ এচাম বৰমূৰীয়াই কৰিছে ধন আত্মসাৎ ৷ প্ৰশিক্ষন কেন্দ্ৰটোত ছাত্ৰ ছাত্ৰীৰ বাবে শ্ৰেণী কোঠা , ডেক্স বেঞ্চ আছে
যদিও এদিনো ৰাইজে দেখা নাপালে কেন্দ্ৰটোত প্ৰশিক্ষন লৱলৈ যোৱা কোনো এজন যুৱক যুৱতীক ।

Conclusion:

একমাত্ৰ কাগজে কলমে হস্ততাঁত আৰু
বস্ৰ প্ৰশিক্ষণ উদ্যোগটোক জীয়াই ৰাখি বিভাগটোৰ এচাম দুৰ্নীতিগ্ৰস্থ বিষয়াই চলাই আছে প্ৰশিক্ষণৰ নামত ভেকোঁভাওনা৷

আব্দুল হাকিম ।
দলগাঁও
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.