ETV Bharat / state

মঙলদৈত 'পথৰুঘাটৰ ৰণ আৰু ঐতিহাসিক গুৰুত্ব' শীৰ্ষক আলোচনা চক্ৰ

মঙলদৈ প্ৰেছ ক্লাবত বুধবাৰে আলোচনা চক্ৰ অনুষ্ঠিত হয় । 'পথৰুঘাটৰ ৰণ আৰু ঐতিহাসিক গুৰুত্ব' শীৰ্ষক আলোচনা । দৰং জিলা বার্তাজীৱি সংঘ, সদৌ দৰং জিলা ছাত্র সন্থা আৰু পথৰুঘাট নাগৰিক সমাজৰ উদ্যোগত আলোচনা চক্ৰখন অনুষ্ঠিত হয় ৷ অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয় কৃষক নুৰুল হক আৰু ধ্ৰুৱ শইকীয়াক ।

author img

By

Published : Jan 27, 2021, 9:46 PM IST

মঙলদৈত 'পথৰুঘাটৰ ৰণ আৰু ঐতিহাসিক গুৰুত্ব' শীৰ্ষক আলোচনা চক্ৰ
মঙলদৈত 'পথৰুঘাটৰ ৰণ আৰু ঐতিহাসিক গুৰুত্ব' শীৰ্ষক আলোচনা চক্ৰ

দৰং, ২৭ জানুৱাৰী: বুধবাৰে দৰং জিলা বার্তাজীৱি সংঘ, সদৌ দৰং জিলা ছাত্র সন্থা আৰু পথৰুঘাট নাগৰিক সমাজৰ উদ্যোগত মঙলদৈ প্ৰেছ ক্লাবত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ 'পথৰুঘাটৰ ৰণ আৰু ঐতিহাসিক গুৰুত্ব' শীৰ্ষক বিষয়ত এই আলোচনা চক্ৰখন অনুষ্ঠিত হয় । ১৮৯৪ চনৰ ২৮ জানুৱাৰীত ব্রিটিছৰ শোষণ, বঞ্চনাৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ গৈ দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটত ১৪০ জন নিৰীহ কৃষকে প্ৰাণ হেৰুৱাইছিল । ব্ৰিটিছৰ পক্ষৰ আৰক্ষীয়ে প্ৰতিবাদকাৰী কৃষকলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল ।

ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত সংঘটিত হোৱা ই এক গুৰুত্বপূৰ্ণ ঘটনা যদিও আজিও ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি নাপালে পথৰুঘাটৰ কৃষক বিদ্ৰোহে । এই ঐতিহাসিক পথৰুঘাট ৰণৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে দৰং জিলা বার্তাজীৱি সংঘই আলোচনা চক্র অনুষ্ঠিত কৰাৰ লগতে গ্রন্থ প্রকাশ, দলিপুৰাণৰ পুনৰ মুদ্রন আদি বিভিন্ন সময়ত বিভিন্ন কার্যসূচী ৰূপায়ণ কৰি আহিছে । বিগত বছৰ সমূহৰ দৰে এইবাৰো দৰং জিলা বার্তাজীৱি সংঘই সদৌ দৰং জিলা ছাত্র সন্থা আৰু পথৰুঘাট নাগৰিক সমাজৰ উদ্যোগত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ।

সাংবাদিক মুকুট ৰাজ শৰ্মাই আঁত ধৰা আৰু শিক্ষাবিদ কুলেন ডেকাৰ সঞ্চালনাত অনুষ্ঠিত সভাত জিলা উপায়ুক্ত দীলিপ কুমাৰ বৰা, বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰ, ড০ অমৰেন্দ নাৰায়ণ দেৱ, আছুৰ সহকাৰী সম্পাদক উৎপল শৰ্মা, বিত্ত সম্পাদক খনিন্দ ৰাজবংশী, অসম বাৰ্তাজীৱি সংঘৰ সভাপতি কেশৱ কলিতা, যুব ছাত্র পৰিষদৰ ৰাজ্যিক উপ-সভাপতি ভৱেশ কাকতিয়ে অংশগ্ৰহণ কৰি পথৰুঘাটৰ শ্বহীদ কৃষকক স্মৰণ কৰে ।

আনহাতে, পথৰুঘাটৰ ৰণক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে কৰা প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অৰিহণা যোগোৱা দৰঙৰ তিনি গৰাকী বিশিষ্ট সাংবাদিক মদন বৰুৱা, অনিল ভূঞা আৰু অখিল ৰঞ্জন ভট্টাচাৰ্যক সম্বৰ্ধনা জনোৱা হয় । সভাত দুজন কৃষক নুৰুল হক আৰু ধ্ৰুৱ শইকীয়াক সম্বৰ্ধনা জনোৱা হয় । ইফালে, দুদিনীয়াকৈ দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটত কৃষক শ্বহীদ দিৱস উদযাপন কৰা হৈছে ।

বুধবাৰে পুৱা এই অনুষ্ঠানত পতকা উত্তোলন কৰে দৰং জিলাৰ উপায়ুক্ত দীলিপ কুমাৰ বৰাই । কৃষক শ্বহীদ দিৱস উপলক্ষে প্ৰদৰ্শনী, আলোচনা চক্ৰ আদি অনুষ্ঠিত হয় ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক:নিউ বঙাইগাঁৱৰ ৰে‘লৱে ৱাৰ্কশ্বপত বিস্ফোৰণ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.