দৰং, 14 নৱেম্বৰ: লাডেন ওৰফে কৃষ্ণৰ স্বাস্থ্যৰ খবৰ ল'বলৈ বৃহস্পতিবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা।গোৱালপাৰাত সন্ত্ৰাস সৃষ্টি কৰা লাডেন নামৰ হাতীটোক ৰংজুলিৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ হাতীৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ প্ৰশিক্ষণৰ বাবে স্থানান্তৰিত কৰা হৈছিল। কৃষ্ণৰ স্বাস্থ্যৰ অৱনতি হোৱা বুলি জানিবলৈ পায় ৰাষ্ট্ৰীয় উদ্যানখনলৈ ধপলিয়াই আহে বিধায়ক পদ্ম হাজৰিকা। আনহাতে শ্ৰীকৃষ্ণই যিদৰে সকলোকে অসুৰৰ পৰা ৰক্ষা কৰিছিল তেনেদৰে অন্য হাতীয়ে ৰাইজৰ মাজত উপদ্ৰৱ কৰিবলৈ আহিলেও লাডেন ওৰফে কৃষ্ণই ৰাইজক ৰক্ষা কৰিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷
লগতে চাওকঃমৰিগাঁৱত গৰু চোৰক ৰাম পিটন ৰাইজৰ