ETV Bharat / state

ব্যতিক্ৰমী ৰূপত বগৰী খেতিৰে স্বাৱলম্বী হোৱা এজন যুৱ কৃষক... - darrang news

অনলাইনযোগে থাইলেণ্ড, অষ্ট্ৰেলিয়া, টাইৱান, বাংলাদেশ, কুৱেইট আদিৰ পৰা ফলৰ বীজ ক্ৰয় 24 বিঘা মাটিত ফলৰ খেতি কৰিছে খাৰুপেটীয়াৰ খগজানী গাঁৱৰ কৃষক জৰিপ উদ্দিন নামৰ যুৱকজনে ৷ ফলেৰে ভৰি পৰা খেতিপথাৰ পৰিদৰ্শন কৰি অভিভূত জিলা আৰক্ষী অধীক্ষক ।

organic plum firming at dalgaon
বগৰী খেতিৰে স্বাৱলম্বী হোৱা যুৱ কৃষক
author img

By

Published : Dec 24, 2020, 12:53 PM IST

Updated : Dec 24, 2020, 4:32 PM IST

দলগাঁও,24 ডিচেম্বৰ : বিধে বিধে জৈৱিক পদ্ধতিৰে বগৰী খেতি কৰি আশাৰ বতৰা কঢ়িয়াইছে খাৰুপেটীয়াৰ কৃষকে ৷ অনলাইনযোগে বহিঃৰাজ্যৰ পৰা ক্ৰয় কৰা বিভিন্ন উন্নত জাতৰ বীজেৰে কৰা হৈছে বগৰী খেতি ৷ ফলেৰে ভৰি পৰা খেতিপথাৰ পৰিদৰ্শন কৰি অভিভূত হৈ পৰিছে জিলা আৰক্ষী অধীক্ষক ।

দৰং জিলাৰ খাৰুপেটীয়াৰ খগজানী গাঁৱৰ কৃষক জৰিপ উদ্দিনে শাক-পাচলিৰ লগতে খোজ পেলাইছে আন এক ব্যতিক্ৰমী খেতিত । বিভিন্ন ধৰণৰ কেপছিকাম, ছামাৰ স্কোৱাচ, জলকীয়াৰ আৰু আন এক ব্যতিক্ৰমী খেতি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে স্বাৱলম্বী কৰি তুলিছে নিজকে । প্ৰণালীগতভাৱে 24 বিঘা মাটিত তেওঁ জৈৱিক পদ্ধতিৰে কৰিছে বিভিন্ন ধৰণৰ বগৰী খেতি ।

বগৰী খেতিৰে স্বাৱলম্বী হোৱা যুৱ কৃষক

অনলাইনযোগে থাইলেণ্ড, অষ্ট্ৰেলিয়া, টাইৱান, বাংলাদেশ, কুৱেইট আদিৰ পৰা ফলৰ বীজ ক্ৰয় কৰি কৰিছে উন্নত জাতৰ আপেল, বগৰী, মালটা, ড্ৰেগন, কাষ্টাৰ্ড আপেলকে ধৰি 9-10 বিধ ফলৰ খেতি । জিলা কৃষি বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াৰ পৰা অনুপ্ৰেৰণা লৈ তেওঁ খাৰুপেটীয়াৰ নিকটৱৰ্তী কৃষি প্ৰধান অঞ্চল খগজানী গাঁৱত আৰম্ভ কৰে নানা জাতৰ বগৰী খেতি ।

ফলেৰে ভৰি পৰা বিঘাই বিঘাই জৈৱিক খেতি পৰিদৰ্শন কৰি অভিভূত হৈ পৰে দৰং জিলা আৰক্ষী অধীক্ষক অমিত ভূঞা । শিক্ষিত নিবনুৱা চামক এনেধৰণৰ উন্নত জাতৰ ফলৰ খেতি কৰি পৰিয়ালৰ লগতে নিজকে স্বাৱলম্বী কৰি তোলাৰ বাবে যুৱচামক আহবান জনাইছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

লগতে পঢ়ক : ঘোঁৰামৰাত বিকল পানী যোগান আঁচনি

Last Updated : Dec 24, 2020, 4:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.