ওৰাং, 4 নৱেম্বৰঃ আজি পৱিত্ৰ গোপাষ্টমী ৷ আজিৰ এই পৱিত্ৰ দিনটোৰে পৰা ওৰাঙৰ বৰঝাৰৰ বিৰেন্দ্ৰ নগৰ আশ্ৰমত আৰম্ভ হৈছে গোপাষ্টমী আৰু ৰাসমেলা উৎসৱ ৷ পৰম্পৰা অনুসৰি এই উৎসৱৰ প্ৰথম দিনা আশ্ৰমখনত থকা ধাননী পথাৰ খনৰ ধান গৰুক খুওৱা হয় ৷ গৰুৱে খোৱাৰ পিছতে ৰাইজে এই ধানসমূহ ঘৰলৈ নিয়ে ৷ লোক বিশ্বাস অনুসৰি এই ধান নিজৰ ভড়ালত ৰাখিলে ধানৰ উৎপাদন দুগুনে বৃদ্ধি হোৱাৰ লগতে ঘৰলৈ লক্ষ্মীৰ আগমন হয় ৷ সেয়েহে এই উৎসৱক লৈ বৰঝাৰত ব্যাপক জনসমাগমৰ সৃষ্টি হয় ৷
আনহাতে, ধান খাবলৈ পথাৰত গৰুৰ জাঁকৰ লগতে সেই ধান সংগ্ৰহৰ বাবে হাজাৰ হাজাৰ লোক একেলগে পথাৰত নামি পৰে ৷ উল্লেখ্য যে, ওদালগুৰিত এই গোপাষ্টমীৰ পৰম্পৰা 65 বছৰীয়া ৷ গোপাষ্টমী উপলক্ষেই সম্প্ৰতি উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে আশ্ৰমখনত ৷