দৰং, 7 মে' : মঙলদৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ৰূপাৰাণী ভূঞাক গ্ৰেপ্তাৰৰ পাচতেই ঘটনাই লৈছে নতুন মোৰ। এইবাৰ ৰূপাৰাণী ভূঞাৰ এজাহাৰৰ ভিত্তিত আটক হ'ল জমচেৰ আলী নামৰ এজন ব্যক্তি । ফেচবুকত ৰূপাৰাণীৰ বিষয়ে আপত্তিজনক মন্তব্য কৰাৰ বাবে ৰূপাৰাণীয়ে দাখিল কৰিছিল এজাহাৰ।
এই এজাহাৰৰ ভিত্তিত জমছেৰ আলীক মঙলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । জমছেৰ আলীক 246/2020 U/S-120(B)/294(A)/ 153(A)/500/506 IPC and R/W Section 67 of IT Act ৰ অধীনত গ্ৰেপ্তাৰ কৰি CJM Court ত হাজিৰ কৰে আৰক্ষীয়ে । জমচেৰ আলীৰ ঘৰ চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত কাৱাতিকা গাঁৱত ।
লগতে পঢ়ক : এট গড়কাপ্তানি পথ বন্ধ কৰি দিয়াৰ হুংকাৰ ৰাইজৰ !