ETV Bharat / state

ভূমি বিবাদক কেন্দ্ৰ কৰি দলগাঁৱত এজনৰ মৃত্যু - দলগাঁৱত ভূমি বিবাদ

দলগাঁৱত ভূমি বিবাদৰ কৰুণ পৰিণতি । দা-লাঠিৰ আক্রমণত এজন নিহত, মহিলাসহ কেইবাজনো গুৰুতৰভাৱে আহত ৷ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ ভুক্তভোগীৰ ৷

one died in land clash in dalgaon
ভূমি বিবাদক কেন্দ্ৰ কৰি দলগাঁৱত এজনৰ মৃত্যু
author img

By

Published : May 23, 2021, 9:58 PM IST

দলগাও, ২২ মে' : ভূমি বিবাদক কেন্দ্ৰ কৰি দলগাঁৱত সৃষ্টি হোৱা সংঘাতৰ পৰিণতিত এজন লোকৰ মৃত্যু ৷ অভিযোগ অনুসৰি, দলগাঁও থানাৰ অন্তৰ্গত চকৰা গাঁৱৰ নুৰ ইছলাম নামৰ ব্যক্তি গৰাকীৰ এডোখৰ মাটি লৈ দুই ফৈদৰ মাজত দীৰ্ঘদিন ধৰি চলি আহিছিল বিবাদ । সেই বিবাদৰ পৰিণতিত গাওঁখনৰে প্ৰাক্তন কাউন্সিলাৰ চুলতান আলীৰ নেতৃত্বত ২০-২৫ জনীয়া এটা দলে হাতে হাতে দা, কোৰ, লাঠি, ৰড আদি লৈ নুৰ ইছলামক ঘৰৰ চৌহদতে আক্ৰমণ কৰে ।

ভূমি বিবাদক কেন্দ্ৰ কৰি দলগাঁৱত এজনৰ মৃত্যু

বৃহৎ দলটোৰ আক্ৰমণত নুৰ ইছলাম নামৰ ব্যক্তিগৰাকীৰ থিতাতে নিহত হয় ৷ আনহাতে এই আক্ৰমণৰ ঘটনাত মহিলাসহ কেইবাজনো গুৰুতৰভাৱে আহত হয় ৷ আহতসকলক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । উল্লেখ্য যে, ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে আজি পুৱাই দলগাওঁ আৰক্ষীক লিখিতভাৱে জনাইছিল যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ বাবেই উক্ত ঘটনা সংঘটিত হয় বুলি পৰিয়াল লোকে অভিযোগ কৰে ।

লগতে পঢ়ক: বাক্সাৰ তামুলপুৰত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.