দৰং, 22 জানুৱাৰী : দৰং জিলাৰ ধূলাত ভূমি কেন্দ্ৰিক সংঘাতে প্ৰাণ কাঢ়িলে এজনৰ ৷ ধূলা থানাৰ অন্তৰ্গত গৰাপুৰী নিছপি খেৰা গাঁৱৰ দুটা পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি চলি আছিল ভূমি কেন্দ্ৰিক সংঘাত ৷ এই সংঘাত নিস্পত্তিৰ বাবে উপস্থিত হৈছিল এগৰাকী স্থানীয় দেৱানী ৷
কিন্তু দেৱানীৰ উপস্থিতিতেই দুয়োটা পৰিয়াল সংঘাতত লিপ্ত হয় ৷ হাতে-হাতে লাঠী লৈ আক্ৰমণত নামি পৰে দুয়োটা পৰিয়াল ৷ বণিজ ইছলাম আৰু তেওঁৰ ছয় পুত্ৰই দা-লাঠিৰে আক্ৰমণ কৰাত নিহত হয় শুকুৰ আলী নামৰ লোকজন ৷
জানিব পৰা মতে গৰাপুৰী নিছপি খেৰা গাঁৱৰ কাশেম আলীৰ ঘৰত বনিজ ইছলামে তেওঁৰ ছয় পুত্ৰক লৈ অনাধিকাৰে প্ৰৱেশ কৰি প্ৰথমে অশ্লীল গালি গালাজেৰে কাজিয়াৰ সৃষ্টি কৰে ৷ ইয়াৰ পিচতেই নিৰীহ পৰিয়ালটোৰ ওপৰত সাত জনীয়া পিতা পুত্ৰৰ দলটোৱে বৰ্বৰ আক্ৰমণ চলায় । আক্ৰমণত শুকুৰ আলী নিহত হোৱাৰ লগতে মহিলা সহ কেইবাজনো লোক গুৰুতৰ ভাৱে আহত হয় ।
যোৱা 14 জানুৱাৰীতেই এই ঘটনা সংঘটিত হৈছিল যদিও প্ৰায় এসপ্তাহ পাচতহে পোহৰলৈ আহে ৷ আৰক্ষীয়ে ইতিমধ্যে দুজনক গ্ৰেপ্তাৰ কৰি উক্ত ঘটনাৰ সন্দৰ্ভতস তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : ৰাইজৰ দলে উন্মোচন কৰিলে বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি