দৰং, 22 জানুৱাৰী : দৰং জিলাৰ ধূলাত ভূমি কেন্দ্ৰিক সংঘাতে প্ৰাণ কাঢ়িলে এজনৰ ৷ ধূলা থানাৰ অন্তৰ্গত গৰাপুৰী নিছপি খেৰা গাঁৱৰ দুটা পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি চলি আছিল ভূমি কেন্দ্ৰিক সংঘাত ৷ এই সংঘাত নিস্পত্তিৰ বাবে উপস্থিত হৈছিল এগৰাকী স্থানীয় দেৱানী ৷ কিন্তু দেৱানীৰ উপস্থিতিতেই দুয়োটা পৰিয়াল সংঘাতত লিপ্ত হয় ৷ হাতে-হাতে লাঠী লৈ আক্ৰমণত নামি পৰে দুয়োটা পৰিয়াল ৷
বণিজ ইছলাম আৰু তেওঁৰ ছয় পুত্ৰই দা-লাঠিৰে আক্ৰমণ কৰাত নিহত হয় শুকুৰ আলী নামৰ লোকজন ৷ যোৱা 14 জানুৱাৰীতেই এই ঘটনা সংঘটিত হৈছিল যদিও প্ৰায় এসপ্তাহ পাচতহে পোহৰলৈ আহে ৷ আৰক্ষীয়ে ইতিমধ্যে দুজনক গ্ৰেপ্তাৰ কৰিছে যদিও ঘটনাত জড়িত বাকী 5 জন অভিযুক্ত বৰ্তমানেও মুকলি আকাশৰ তলত ৷
লগতে পঢ়ক : পুখুৰীলৈ কোনে দলিয়ালে কণমানি আহমেদ খানক !