ৰোগ যন্ত্ৰণাত ছটফটাই থকা ৰোগীসকলৰ বাবে চিকিৎসকসকল হ’ল দেৱতা বা ভগৱানৰ লেখীয়া। এই চিকিৎসকসকলে মানৱ জাতিলৈ আগবঢ়াই আহিছে মানৱীয় সেৱা ৷ চিকিৎসকসকলে ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত এক তীব্ৰ প্ৰত্যাহ্বান লৈ থাকে, য’ত এটা সামান্য খেলি-মেলিয়ে এজন ৰোগীৰ জীৱন বন্তি নিৰ্বাপিত কৰিব পাৰে । আজি আমি ক'ব বিচাৰিছো এটা পৰিয়ালৰ কথা ৷ যিটো পৰিয়ালৰ 31 জনকৈ সদস্য জৰিত হৈ আছে এই বৃত্তিটোৰ সৈতে ৷
জয়পুৰৰ এটা চিকিৎসক পৰিয়াল- নিজৰ সৰ্ব সামৰ্থৰে ৰোগীক সুস্থ কৰি তোলাৰ বাবে সেৱা আগবঢ়োৱাৰ সংকল্প লৈছে এই পৰিয়ালৰ 31 জনকৈ সদস্যই ৷ ইয়াৰোপৰি চিকিৎসা বৃত্তিত মনোনিৱেশৰ বাবে পৰিয়ালটোৰ 32 নং সদস্যগৰাকীও সাজু হৈ উঠিছে চিকিৎসা ৷
ৰাজস্থান PAMT ত বিনম্ৰতা পাটনীয়ে 107 নং স্থান পাবলৈ সক্ষম হোৱাৰ পাছতে MBBS অধ্যয়নৰ বাবে সাজু হয় ৷ লগে লগে যুৱতীগৰাকী উক্ত পৰিয়ালটোৰ 32 নং চিকিৎসক সদস্য হৈ পৰে ৷ সমগ্ৰ ৰাজস্থানতে উক্ত পৰিয়ালটো "জয়পুৰৰ চিকিৎসক পৰিয়াল" বুলি পৰিচিত ৷
বিনম্ৰতা পাটনীৰ পিতৃ ডাঃ তৰুণ পাটনী এগৰাকী MBBS চিকিৎসক আৰু মাতৃ ডাঃ বিনিতা পাটনী এগৰাকী প্ৰসূতি বিভাগৰ চিকিৎসক ৷ বিনম্ৰতাৰ ভাতৃৰ লগতে এই পৰিয়ালটোৰ প্ৰায় 20 জনকৈ সদস্য জয়পুৰৰ চবাই মান সিং হাস্পতালত কৰ্মৰত ৷
বিনম্ৰতাৰ ককাদেউতাক এগৰাকী অধিৱক্তা আছিল ৷ তেওঁৰ পৰিয়ালৰ পৰৱৰ্তী প্ৰজন্ম চিকিৎসক হোৱাটো ইচ্ছা প্ৰকাশ কৰিছিলে বিনম্ৰতাৰ ককাদেউতাকে ৷ তেওঁৰ ইচ্ছাক সন্মান জনাই তেওঁৰ সাত সন্তানে চিকিৎসা বৃত্তিত মনোনিৱেশ কৰি ৰোগীক শুশ্ৰূষা কৰি আহিছে ৷
স্বামী বিবেকানন্দই কৈছিল যে অহা ১০০ বছৰত ভাৰতৰ মানুহে মন্দিৰৰ মূর্ত্তিৰ পূজা কৰাতকৈ ভাৰতত বাস কৰা অসংখ্য দেৱ স্বৰূপ মনুষ্যৰ সেৱাত নিযুক্ত হ'ব লাগে। তেতিয়াহে ভাৰতী আইৰ প্রকৃত আৰাধনা কৰা হব, আইক উদ্ধাৰ কৰা হ'ব। স্বামী বিবেকানন্দৰ পথকে অনুসৰণ কৰিছে জয়পুৰৰ এই পৰিয়ালটোৱে ৷