ETV Bharat / state

মৃত্যুমুখী খাদী আৰু গ্ৰামোন্নয়ন বিভাগ

পৰিৱৰ্তনৰ কথা কৈ ক্ষমতালৈ অহা সোনোৱাল চৰকাৰৰ দিনত মৃত্যু ঘণ্টা বাজিছে চৰকাৰী খণ্ডৰ বিভিন্ন উদ্যোগ,নিগম,নিকায়ত ৷  সমান্তৰালকৈ চৰকাৰৰ বিয়াগোম খাদী আৰু গ্ৰামোন্নয়ন বিভাগটোও দিনে দিনে গতি কৰিছে মৃত্যুৰ মুখলৈ।

author img

By

Published : May 3, 2019, 1:19 PM IST

মৃত্যুমুখী খাদী আৰু গ্ৰামোন্নয়ন বিভাগ

দৰং , 03 মেঃ গঞা মহিলাক স্ব-নিৰ্ভৰশীল কৰাৰ বাবে খাদী আৰু গ্ৰামোন্নয়ন বিভাগৰ যোগেদি বলিষ্ঠ পদক্ষেপ লোৱাৰ বিষয়ে বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীসকলে সততে কৈ আহিছে। কিন্তু কথা আৰু কামৰ মাজত আকাশ পাতাল পাৰ্থক্য ৷দৰঙৰ হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ বয়ন সম্প্ৰসাৰণ কেন্দ্ৰটোত কৰ্মচাৰী সকলৰ বাবে নাই সামান্য সুবিধাকণো ৷ মংগলদৈৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়টোৰ অধীনস্থ বয়ন সম্প্ৰসাৰণ কেন্দ্ৰটো যিকোনো মুহূৰ্ততে ভাগি পৰিব পাৰে কৰ্মচাৰী সকলৰ মূৰৰ ওপৰত ৷

মৃত্যুমুখী খাদী আৰু গ্ৰামোন্নয়ন বিভাগ

লগতে পঢ়ক : কাশ্মীৰত সেনাৰ গুলীত নিহত হিজবুল মুজাহিদীনৰ সদস্য

অতি বিপদজনক দৰঙৰ নিজ ডাঁহীৰ সম্প্ৰসাৰণ কেন্দ্ৰটোৰ জৰাজীৰ্ণ গৃহটোত কাম কৰিছে বিভাগটোৰ 5 জনকৈ কৰ্মচাৰী আৰু একাংশ মহিলাই। যিকোনো মূহুৰ্ততে কৰ্মচাৰী আৰু মহিলা সকলৰ ওপৰত ভাগি পৰিব পাৰে গৃহটো। উৱলি যোৱা গৃহটোত বিদ্যুৎ ব্যৱস্থা নথকাকৈয়ে ব্যৱহাৰ কৰি থাকিবলগীয়া হৈছে কৰ্মচাৰী আৰু মহিলাসকলে। ইয়াৰোপৰি শৌচালয় নিৰ্মাণৰ বাবে বিশেষ আঁচনি প্ৰস্তুত কৰা বিজেপি চৰকাৰখনৰ দিনত এই চৰকাৰী কেন্দ্ৰটোত নাই কোনো শৌচালয় ৷ যাৰ বাবে লাজ মান কাটি কৰি প্ৰয়োজনত ওচৰৰ কোনো লোকৰ ঘৰলৈ যোৱাৰ বাহিৰে বিকল্প নাই চৰকাৰী কৰ্মচাৰীৰ।

বিভাগীয় মন্ত্ৰী ৰঞ্জিত দত্তৰ দায়িত্বহীনতা আৰু অৱহেলাৰ বাবে ধ্বংসমুখী ৰাজ্যৰ বয়ন সম্প্ৰসাৰণ কেন্দ্ৰ সমূহ। বিভাগটোৰ এই অৱস্থাৰ কথা জনালেও গুৰুত্ব নিদিয়ে মন্ত্ৰী অথবা সঞ্চালকে । সেয়ে সহকাৰী সঞ্চালকে কেন্দ্ৰটোৰ কৰ্মচাৰীসকলক গ্ৰামাঞ্চলৰ বয়ন কেন্দ্ৰ এৰি জিলা সদৰ কাৰ্যালয়লৈ যাবলৈ নিৰ্দেশ দিছে।

as_drg_handloom textile_vis01_as10006

(Ftp kariso)বাইট দুটা আছে,ভিদিও,১টা 

Anchor: পৰিৱৰ্তনৰ কথা কৈ ক্ষমতালৈ অহা সোনোৱাল চৰকাৰৰ দিনত চৰকাৰী খণ্ডৰ বিভিন্ন উদ্যোগ , নিগম , নিকায়ত মৃত্যু ঘণ্টা বজাৰ সমান্তৰাল কৈ চৰকাৰৰ বিয়াগোম খাদী আৰু গ্ৰামোন্নয়ন বিভাগ দিনে দিনে মৃত্যু মুখলৈ গতি কৰিছে। 

V/O: গঞা মহিলাক স্ব-নিৰ্ভৰশীল কৰাৰ বাবে খাদী আৰু গ্ৰামোন্নয়ন বিভাগৰ যোগেদি  বলিষ্ঠ পদক্ষেপ লোৱাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ নেতা মন্ত্ৰী সকলে সততে কৈ আহিছে। পিছে এইখন চৰকাৰৰ মহিলা প্ৰীতিৰ নমুনা দেখিলে আপোনাৰ চকু কপালত উঠিব। এইটো দৰঙৰ হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ মঙ্গলদৈস্হিত সহকাৰী সঞ্চালকৰ কাৰ্যালয়। আৰু এই কাৰ্যালয়টোৰ অধীনস্থ এইটো বয়ন  সম্প্ৰসাৰণ কেন্দ্ৰ। পিছে কেন্দ্ৰটোৰ অৱস্থা দেখিলে আপোনাৰ বুজিবলৈ বাকী নাথাকিব ! কি পৰ্যায়লৈ গতি কৰিছে বিভাগটোৰ কাম কাজ। অতি বিপদজনক দৰঙৰ নিজ ডাঁহীৰ সম্প্ৰসাৰণ  কেন্দ্ৰটোৰ এই গৃহটোত কাম কৰিবলৈ বাধ্য কৰোৱা হৈছে বিভাগটোৰ ৫ জনকৈ কৰ্মচাৰী আৰু গঞা মহিলা সকলক। যিকোনো মুহূৰ্ততে কৰ্মচাৰী আৰু মহিলা সকলৰ ওপৰত ভাগি পৰিব পাৰে গৃহটো। উৱলি যোৱা গৃহতি ব্যৱহাৰ নকৰিলেও উপায় নাই কৰ্মচাৰী আৰু মহিলা সকলৰ। সম্প্ৰসাৰণ কেন্দ্ৰটোৰ সতে নাই বিদ্যুৎ ব্যৱস্থা। নাই পেচাব পাইখানা। যাৰ বাবে লাজ মান কাটি কৰি  প্ৰয়োজনত ওচৰৰ কোনো লোকৰ ঘৰলৈ যোৱাৰ বাহিৰে বিকল্প নাই এই সকল চৰকাৰী কৰ্মচাৰীৰ।

Byte- বিভাগীয় সম্প্ৰসাৰন বিষয়া ।

বিভাগীয় মন্ত্ৰী ৰঞ্জিত দত্তৰ দায়িত্বহীনতা আৰু অৱহেলাৰ বাবে ধ্বংস মুখী ৰাজ্যৰ বয়ন সম্প্ৰসাৰণ কেন্দ্ৰ সমূহ। দৰঙৰ নিজ ডাহীৰ এই গৃহটো এটা মাত্ৰ উদাহৰণ। বিভাগটোৰ এই অৱস্থাৰ কথা জনালোও হেনো গুৰুত্ব নিদিয়ে মন্ত্ৰী অথবা সঞ্চালকে । সেয়ে সহকাৰী সঞ্চালকে কেন্দ্ৰটোৰ কৰ্মচাৰী সকলক গ্ৰামাঞ্চলৰ বয়ন কেন্দ্ৰ এৰি জিলা সদৰ কাৰ্যালয়ত যাবলৈ নিৰ্দেশ দিছে অসহায় ভাৱে।

Byte - , সহকাৰী সঞ্চালক।

এনেদৰে চলিছে ৰাজ্যৰ হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগ।  দিছপুৰত ঘি মৌ খাই শুই বহি  সময় কটোৱা আমাৰ মন্ত্ৰী আমোলাই আৰু কিমান দিন চকু মুদা কুলি হৈ থাকিব সেয়াহে হব লক্ষণীয়।
দৰঙৰ পৰা দেবব্ৰত গোস্ামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.