মঙলদৈ,২৩ জুলাই: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ দৰং জিলাতো ভয়াৱহ হাৰত বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । ফলত ৰোগীৰ তুলনাত জিলাখনত থকা বৰ্তমানৰ ক'ভিড কেয়াৰ চিকিৎসালয়ৰ সংখ্যা কমি অহা পৰিলক্ষিত হৈছিল । তাৰোপৰি দিনক দিনে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিলৈ চাই ৰোগীৰ শুশ্ৰষাৰ বাবে প্ৰয়োজন হৈছিল অধিক বিচনাযুক্ত চিকিৎসালয় অথবা ক'ভিড কেয়াৰ কেন্দ্ৰৰ ।
ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দৰং জিলা প্ৰশাসনে নিৰ্বাচন কৰা মঙলদৈ কেন্দ্ৰীয় বিদ্যালয়ত স্বাস্থ্য বিভাগে এটা ক'ভিড কেয়াৰ কেন্দ্ৰ স্থাপন কৰিছিল । এই ক'ভিড কেয়াৰ কেন্দ্ৰৰ কাম সম্পূৰ্ণ হোৱাৰ অন্তত বৃহস্পতিবাৰে কেন্দ্ৰটিৰ শুভ উদ্বোধন কৰিলে ৰাজ্যৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই । ২০০ বিচনাযুক্ত এই কেন্দ্ৰৰ শুভ উদ্বোধনৰ অনুস্থানত উপস্থিত থাকে মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজোতি দাস,ছিপাঝাৰ বিধানসভা সমষ্টিত বিনন্দ শইকীয়া,জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাকে ধৰি বহুকেইগৰাকী বিষয়া আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।
উল্লেখ্য যে,স্বাস্থ্য বিভাগে বৃহস্পতিবাৰে দিয়া তথ্যমতে জিলাখনত বৰ্তমানলৈকে ক'ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৭৪৩ গৰাকী । ইয়াৰে ৪৬১ গৰাকী আক্ৰান্ত সুস্থ হৈ ঘৰলৈ যোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ২৬১ গৰাকী ক'ভিড আক্ৰান্ত ।
লগতে চাওকঃ বান বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, দিশহাৰা বন্যপ্ৰাণী