ETV Bharat / state

লকডাউনৰ সময়ত প্ৰকৃত যোদ্ধা হৈছে আৰক্ষীঃ দিলীপ শইকীয়া

author img

By

Published : May 18, 2020, 9:10 PM IST

লকডাউনৰ সময়ত প্ৰকৃত যোদ্ধা হৈছে আৰক্ষী । এই মন্তব্য সাংসদ দিলীপ শইকীয়াৰ। সোমবাৰে জিলাখনৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলৰ সৈতে এখনি বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছত লকডাউন সফল কৰাত আৰক্ষীয়ে প্ৰধান ভূমিকা লোৱা বুলি শইকীয়াই মত প্ৰকাশ কৰে । লগতে সাংসদজনে আৰক্ষী বিষয়া সকলক মাস্ক আৰু চেনিটাইজাৰ প্ৰদান কৰে ।

লকডাউন
লকডাউনৰ সময়ত প্ৰকৃত যোদ্ধা হৈছে আৰক্ষীঃ দিলীপ শইকীয়া

দৰং, ১৮ মে': বিশ্বজুৰি ত্ৰাস সৃষ্টিকাৰী কৰ'ণা মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত আৰক্ষীয়ে হৈছে প্ৰকৃত যোদ্ধা। নিজৰ জীৱনকো তুচ্ছ কৰি আৰক্ষীয়ে দেশৰ বাবে যি সেৱা আগবঢ়াই আছে তাৰ বাবে তেওঁলোকলৈ কৃতজ্ঞতা জনাইছো । এইক্ষেত্ৰত দৰং আৰক্ষীৰ ভূমিকা প্ৰসংশনীয় । সোমবাৰে এইদৰে মন্তব্য কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ।

সোমবাৰে দৰং আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষী অধীক্ষক, জিলাখনৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলৰ সৈতে এখনি বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছত লকডাউন সফল কৰাত আৰক্ষীয়ে প্ৰধান ভূমিকা লোৱা বুলি শইকীয়াই কয় । লগতে সাংসদজনে আৰক্ষী বিষয়া সকলক মাস্ক আৰু চেনিটাইজাৰ প্ৰদান কৰে । অনুষ্ঠানত মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং আৰক্ষী অধীক্ষক অমৃত ভূঞা, অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল বৰুৱা, দৰং জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা উপস্থিত থাকে। ইয়াৰ পিছতে সাংসদ গৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে। তাৰোপৰি মুক্তাপুৰত অনুষ্ঠিত এক অনুষ্ঠানত সাংসদ শইকীয়াই এশ গৰাকী দিব্যাংগ ব্যক্তিৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ।

উল্লেখ্য যে, দেশজুৰি বলবৎ হোৱা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ আজি প্ৰথম দিন । এই মহামাৰীৰ ফলত দৰং জিলাত এতিয়ালৈ কোনো লোক আক্ৰান্ত হোৱা নাই আৰু দৰং গ্ৰীণ জ'নত অন্তৰ্ভুক্ত হৈ আছে । ইতিমধ্যে জিলাখনত দেওবাৰে পৰ্যন্ত ৭১৩ জন লোকৰ শ্লেষৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । ইয়াৰে ৬০৪ টা নমুনাৰ প্ৰতিবেদন দৰং জিলা স্বাস্থ্য বিভাগৰ হাতত আহি পৰিছে আৰু এই ৬০৪ টা নমুনাত COVID-19 নিগেটিভ বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে । কিন্তু শেহতীয়া ভাৱে লকডাউনৰ কিছু শিথিলতা আনি দিয়াৰ লগে লগে দোকান বজাৰ খুলিবলৈ অনুমতি দিয়াত আৰু চাৰিচকীয়া বাহনৰ অনুমতি দিয়াৰ লগে লগে একাংশ লোক বজাৰ সমাৰ কৰিবলৈ অহাত চহৰত জনসমাগম বৃদ্ধি পাইছে । জিলা প্ৰশাসন তথা আৰক্ষীৰ লোক কঠোৰ হৈছে যদিও ৰাইজে সামাজিক দূৰত্ব মানি চলা পৰিলক্ষিত হোৱা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.