ETV Bharat / state

GST ৰ আওতালৈ আহিলেই পে'ট্ৰলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত হ'ব : দিলীপ শইকীয়া

author img

By

Published : Oct 8, 2021, 7:58 PM IST

পে'ট্ৰলৰ মূল্য বৃদ্ধিক লৈ মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ মন্তব্য l তেওঁ কয়, বিশ্বত বৰ্তমান অৰ্থনৈতিক মন্দাৱস্থা । ভাৰতৰ অৰ্থনীতি ভাঙি পৰিব দিয়া নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

MP Dilip Saikia comments on petrol price hike
GST ৰ আওতালৈ আহিলেই পে'ট্ৰলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত হ'ব

দৰং, 8 অক্টোবৰ : পেট্ৰ’লৰ মূল্যবৃদ্ধিক লৈ মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই কৰা মন্তব্যই সৰ্বত্ৰ চৰ্চা লাভ কৰিছে ৷ সাংবাদিকৰ আগত সাংসদ গৰাকীয়ে কয়, কংগ্ৰেছৰ দিনটো হৈছিল পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি আৰু বিজেপিৰ চৰকাৰৰ দিনটো বৃদ্ধি পাইছে পেট্ৰ’লৰ-ডিজেলৰ মূল্য । বিশ্বত বৰ্তমান অৰ্থনৈতিক মন্দাৱস্থা । ভাৰতৰ অৰ্থনীতি ভাঙি পৰিব দিয়া নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

BJP চৰকাৰে পেট্ৰ’ল, ডিজেল GST ৰ অধীনত আনিব বিচাৰিছিল যদিও একাংশই GST ৰ অধীনত আনিবলৈ বাধা প্ৰদান কৰে ৷ পেট্ৰ’ল, ডিজেল এতিয়াও GST ৰ অধীনত নাই ৷ যাৰ ফলস্বৰূপে পেট্ৰ’লৰ-ডিজেলৰ মূল্য নিয়ন্ত্ৰণত অহা নাই ৷ GST ৰ আওতাত আহিলেই পে'ট্ৰলৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণত আহিব বুলি কয় দিলীপ শইকীয়াই ৷

লগতে পঢ়ক: ৰেম্প নহয়, ৰাজকন্যাৰ ঠিকনা এতিয়া কাৰাগাৰ

লগতে বিদেশত পে'ট্ৰলৰ যি মূল্য অসমতো সেই একেই মূল্য বুলি কয় সাংসদ দিলীপ শইকীয়াই । আনহাতে উপ-নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে ৫ টা সমষ্টিতে জয় লাভ কৰাটো নিশ্চিত । ৰাইজে উন্নয়নৰ পক্ষত ভোট দিব । ইতিমধ্যে BJP আৰু মিত্ৰজোঁটে মনোনয়ন দাখিল কৰিছে বুলি কয় সাংসদ গৰাকীয়ে ।

শুকুৰবাৰে অসম চৰকাৰৰ প্ৰাৰ্থনা আঁচনিৰ সাহাৰ্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়াই । লগতে এই অনুষ্ঠানত উপস্থিত থাকে অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মঙলদৈৰ বিধায়ক বসন্ত দাস, দলগাঁওৰ বিধায়ক মজিবৰ ৰহমান, উপায়ুক্ত প্ৰভাতী থাওছেন ।

লগতে পঢ়ক: সুশান্ত আৰু কুশল থাওৰা সমষ্টিৰ উন্নয়নৰ গাড়ী : ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.