দলগাঁও,২৬ ফেব্ৰুৱাৰী: দৰং জিলাৰ খাৰুপেটীয়াত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰী মাজত ৰেচন কাৰ্ড বিতৰণ কৰাৰ লগতে দুটাকৈ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই । অনুষ্ঠানত দৰং জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা , দৰং বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা, সংখ্যালঘু মৰ্চাৰ তবিবৰ ৰহমান, চক্র বিষয়া সমীৰ চৌধুৰীসহ খাৰুপেটীয়া পৌৰ সভাৰ কৰ্মকৰ্তা আৰু শতাধিক হিতাধিকাৰী উপস্থিত থাকে ।
এই অনুষ্ঠানতে সাংসদগৰাকীৰ কেইবাটাও বিস্ফোৰক মন্তব্য । কংগ্ৰেছ, এআইইউডিএফ লগতে অসম জাতীয় পৰিষদৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মন্তব্য কৰিলে নেতাগৰাকীয়ে । তেওঁ অভিযোগ কৰা মতে কংগ্ৰেছৰ অসম বচাও অভিযানৰ অন্তৰালত অসমক বিক্ৰী কৰা আৰু ধ্বংস কৰাৰ এক ব্লু প্ৰিন্ট আছে । কেৱল এয়াই নহয় এই অভিযানৰ আঁৰত আছে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰীক বনোৱাৰ ব্লু প্ৰিন্ট । সমান্তৰালকৈ কংগ্ৰেছে ৰকিবুল হুছেইনক গৃহমন্ত্ৰী পাতি আইন শৃংখলা পৰিস্থিতিৰ দায়িত্ব দিব বুলিও তেওঁ উপলুঙা শীৰ্ষক মন্তব্য কৰে । তেওঁৰ মতে ৰাজ্যৰ শংকৰদেৱ শিশু নিকেতন বন্ধ কৰি দিয়াৰ হুমকি দিয়া লুৰীণজ্যোতি গগৈক শিক্ষামন্ত্ৰী পাতিব কংগ্ৰেছে ।
সাংসদ গৰাকীয়ে কয় যে কংগ্ৰেছ, এআইইউডিএফ আৰু অসম জাতীয় পৰিষদৰ যি সপোনৰ চৰকাৰ,সেই সপোনৰ চৰকাৰক লৈ ৰাইজ শংকিত আৰু চিন্তিত । এনে চৰকাৰৰ পৰা অসমৰ ৰাইজে সাৱধান হোৱা দৰকাৰ বুলিও বিস্ফোৰক মন্তব্য কৰে সাংসদগৰাকীয়ে ।