ETV Bharat / state

ছিপাঝাৰত মহিলা সমাৰোহ ২০২১

author img

By

Published : Feb 27, 2021, 2:03 PM IST

ছিপাঝাৰ একাডেমী খেলপথাৰত অনুষ্ঠিত হয় মহিলা সবলীকৰণৰ উদ্দেশ্য মহিলা সমাৰোহ ২০২১ । ২৫ টা পঞ্চায়তৰ ২৫জনী জীৱিকা সখীক স্কুটী প্ৰদান । স্কুটী প্ৰদানৰ উপৰিও ২৮৮ টা মহিলা আত্মসহায়ক গোটক ৫০ হাজাৰ আৰু ২৫ হাজাৰ টকাৰ চেক প্ৰদান ।

ছিপাঝাৰত মহিলা সমাৰোহ ২০২১
ছিপাঝাৰত মহিলা সমাৰোহ ২০২১

দৰং,২৭ ফেব্ৰুৱাৰী: শুকুৰবাৰে দৰং জিলাৰ ছিপাঝাৰ একাডেমী খেলপথাৰত অনুষ্ঠিত হয় মহিলা সবলীকৰণৰ উদ্দেশ্য মহিলা সমাৰোহ ২০২১ । এই সমাৰোহত উপস্থিত থাকে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া । ছিপাঝাৰ উন্নয়ন খণ্ডৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত সমষ্টিটোৰ ২৫ টা পঞ্চায়তৰ ২৫ জনী জীৱিকা সখীক স্কুটী প্ৰদান কৰা হয় । বিধায়ক বিনন্দ কুমাৰ শইকীয়াই স্কুটী প্ৰদান কৰে । স্কুটী প্ৰদানৰ উপৰিও ২৮৮ টা মহিলা আত্মসহায়ক গোটক ৫০ হাজাৰ আৰু ২৫ হাজাৰ টকাৰ একোখনকৈ চেক প্ৰদান কৰা হয় ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি বিনন্দ শইকীয়াই কয় যে নিৰ্বাচনী অধিসূচনা বলৱৎ হোৱাৰ পূৰ্বে এনে এখন চৰকাৰী সভা অনুষ্ঠিত কৰি সুখী । এইখনেই হ'ব তেওঁৰ সমষ্টিত শেষ চৰকাৰী সভা । এই কাৰ্যকালত খুবেই সফল বুলি অনুভৱ বিনন্দ শইকীয়াৰ । বিগত ৫ বছৰত সফল কাৰ্যকাল অতিক্ৰম কৰিছে এই চৰকাৰখনে । ইফালে টিকট সন্দৰ্ভত কয় যে, টিকট কোনে পাব সেয়া ৰাষ্ট্ৰীয় বা ৰাজ্যিক নেতৃত্বই ঠিক কৰিব । ৰাইজৰ মাজত কাম কৰি আছো কৰি থাকিম বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক:অসমত বিজেপি দলে ১০০+ আসন দখল কৰিব: ৰঞ্জিত দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.