দৰং,18 মাৰ্চ: বৃহস্পতিবাৰে দৰং জিলাৰ মঙলদৈত দৰং আৰু ওদালগুৰি জিলা প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । আগন্তুক বিধানসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে অসম আৰক্ষীয়ে অনুষ্ঠিত কৰে এই সভাখন । এই সভাত দৰং আৰু ওদালগুৰি জিলা দুখনৰ আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষকৰ উপৰিও সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে ৷
এই সভাত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণৈ, মধ্য পশ্চিম সংমণ্ডলৰ ডিআইজি ব্ৰজেন জিৎ সিনহা, বিটিআৰৰ ডিআইজি ভায়োলেট বৰুৱা, নিৰ্বাচনৰ বাবে দৰঙত নিয়োজিত পুলিচ অবজাৰভাৰ জ্যেষ্ঠ আইপিএছ বিষয়া যশবীৰ সিঙে অংশগ্ৰহণ কৰে । সভাত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণৈয়ে কয় যে, নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে উক্ত সভাখন অনুষ্ঠিত কৰা হৈছে । উক্ত সভাত নিৰ্বাচন আয়োগৰ নতুন নিয়মসমূহো অৱগত কৰা হয় । দৰং জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সভাখন অনুষ্ঠিত হয় ।
অন্য এক খবৰৰ বাবে: বিশ্বনাথলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল