দৰং,২০ ফেব্ৰুৱাৰীঃপুলৱামা কাণ্ডৰ পাচৰে পৰা দেশত পাকিস্তান বিৰোধী জোৱাৰ উঠিছে । যাৰ ফলত তৎপৰ হৈছে চৰকাৰ তথা প্ৰশাসন । থিক এনে সময়তে ছ'চিয়েল মিডিয়াত ভাৰত বিৰোধী মন্তব্য প্ৰচাৰ কৰি মঙলবাৰে দলগাঁওত আটক হ'ল এজন । আৰক্ষীয়ে জনোৱা অনুসৰি আটক হোৱা যুৱকজন দলগাঁওথানাৰ চকাৰ বস্তিৰ আহেজুদ্দিন আহমেদ ।
উল্লেখ্য যে আহেজুদ্দিনে ফেচবুকত পাকিস্তান জিন্দাবাদ, প্ৰধান মন্ত্ৰী মুর্দাবাদৰ লগতে কিছুমান ভাৰত বিৰোধী মন্তব্য কৰিছিল ।যাৰ বাবে আৰক্ষীয়ে ধৃত আহেজুদ্দিনক আটক কৰি এক গোচৰ ৰুজু কৰি দলগাঁওথানাত সোধাপোছা অব্যাহত ৰাখিছে ।
=