দৰং, 3 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ৮নং মঙলদৈ লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে মঙলবাৰে নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে দিলীপ শইকীয়াই ৷ মঙলদৈৰ অসম গণ পৰিষদৰ জিলা কাৰ্যালয় চৌহদত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি সকলো দলীয় কৰ্মকৰ্তাআৰু ৰাইজৰ সহায় সহযোগ বিচাৰিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ৷
নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী এই অনুষ্ঠানত মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াক সংগ দিয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য , মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া আৰু জিলা অসম গণ পৰিষদৰ সভাপতি কমলেশ্বৰ বৰুৱাই । ইপিনে উক্ত অনুষ্ঠানতে ভাষণ প্ৰদান কৰি আগন্তুক লোকসভা নিৰ্বাচনত মঙলদৈ সমষ্টিত বিজেপি প্ৰাৰ্থীৰ গৰাকী বিপুল ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াক পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ অধিস্থিত কৰি মঙলদৈবাসীয়ে গৌৰৱৰ অংশীদাৰ হ'ব বুলি কয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৷