দৰং, 18 জুলাইঃ দৰঙৰ শেহতীয়া দুটাকৈ বান পৰিস্থিতিয়ে জুৰুলা কৰা বানাক্ৰান্ত সকলৰ পশুধনৰ বাবে যোগান ধৰা খাদ্যকলৈ ব্যাপক পতিক্ৰিয়াৰ সৃষ্টি হৈছে জিলা খনত ৷ কিয়নো প্ৰশাসনে যোগান ধৰা এই খাদ্য সমূহ অতি নিম্ন মানৰ বুলি অভিযোগ কৰিছে বহু লোকে ৷
যোগনিয়াৰে মঙলদৈ, দলগাঁও , পাথৰিঘাট ৰাজহ চক্ৰত যোগান ধৰা অতি নিম্নমানৰ পশু খাদ্যই সৰ্বত্ৰে সৃষ্টি কৰিছে তীব্ৰ জোঁকাৰণিৰ ৷ অভিযোগ মতে জিলা পশু বিভাগ আৰু উপায়ুক্তৰ কায্যালয়ৰ পচন্দৰ ঠিকাদাৰৰূপী পশুখাদ্য যোগানিয়াৰ নিবাৰন বৰাই সংশ্লিষ্ট ৰাজহ চক্ৰত গুদাৰ পৰিৱৰ্তে যোগান ধৰিছে তুহৰ গুড়ি ৷
দৰং জিলা পশু চিকিৎসা বিভাগ আৰু উপায়ুক্তৰ কায্যালয়ৰ দুগৰাকী প্ৰভাৱশালী বিষয়াক মেনেজ কৰি উপায়ুক্তৰ কায্যালয়ত দপদপাই থকা পশু খাদ্য যোগানিয়াৰ নিবাৰণ বৰাই পশু খাদ্যৰ নামত জালিয়াতিয়েই নহয় ৰাইজক চৰম প্ৰৱঞ্চনাও কৰা বুলি চৌদিশে উথাপিত হৈছে এটাৰ পিছত আন এটা অভিযোগ ৷
পশুধনে খোৱাৰ একেবাৰে অনুপযোগী তথা জিলাখনত সামান্য পৰিমানৰ গুদা দিয়েই অধিকাংশ ধন আত্মস্যাৎ কৰিবলৈ পাং পতা বুলি অভিযোগ উত্থাপিত হোৱা এই পশু খাদ্য যোগানিয়াৰ বাহিনীটোৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ উপদেষ্টা ভৱেশ কাকতী , সভাপতি দিগন্ত ডেকা আৰু সম্পাদক পংকজ ডেকাই ৷ তেওঁলোকে উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ হাতত লিখিতভাৱে অভিযোগ দাখিল কৰে ৷
উল্লেখ্য যে, বান পৰিস্থিতিৰ পূৰ্বে কৰ’ণা সংক্ৰমণ ৰোধৰ বাবে জাৰি থকা লক ডাউনৰ বিগত চাৰি মাহৰ পৰাই জিলাখনৰ পশুপালক সকলৰ অৰ্থনৈতিক অৱস্থা শোচনীয় হৈ পৰিছিল ৷ সেয়ে তেওঁলোকে ক্ৰয় কৰিব পৰা নাছিল পশুৰ খাদ্য ৷ কিন্তু তেনে পৰিস্থিতিটো জিলা প্ৰশাসনে পশুধনৰ বাবে খাদ্যৰ যোগান ধৰা নাছিল ৷