দৰং, 4 জানুৱাৰী: দৰং জিলাৰৰ ছিপাঝাৰত উন্মোচিত হৈছে বন বিভাগৰ চৰম ব্যৰ্থতা ৷ আঠ ঘন্টা যুঁজিও ধৰিব নোৱাৰিলে আৱদ্ধ হৈ থকা এটা নাহৰফুটুকী বাঘক ৷ হাস্যকৰভাৱে ভলীবলৰ নেটেৰে বাঘ ধৰাৰ ব্যৰ্থ চেষ্টা কৰিলে বন বিভাগে ৷
উল্লেখ্য যে, ছিপাঝাৰৰ শ’লপাম গাঁৱৰ কমল নাথ নামৰ ব্যক্তিজনৰ ব্ৰয়লাৰ ফাৰ্মৰ ভিতৰত সোমবাৰে সন্ধিয়া এটা নাহৰফুটুকী বাঘে অৱস্থান কৰিছিল ৷ বাঘটো প্ৰত্যক্ষ কৰাৰ পিছতেই তীব্ৰ আতংকই বিৰাজ কৰে গাওঁখনত ৷ তাৎক্ষণিকভাৱে ছিপাঝাৰ আৰক্ষী থানা আৰু বন বিভাগক খবৰ দিয়ে যদিও বহু পলমকৈ কুৰুৱা বন বিষয়াৰ নেতৃত্বত এটা দলে বাঘ ধৰাৰ সা-সৰঞ্জাম অবিহনেই উপস্থিত হয় বাঘটোৰ অৱস্থানস্থলীত ৷ খালী হাতেৰে বাঘ ধৰিবলৈ অহা বন বিভাগৰ দলটোৱে স্থানীয় ৰাইজৰ সহযোগত ভলীবলৰ নেট সংগ্ৰহ কৰি বাঘটো ধৰিবলৈ অপ্ৰাণ চেষ্টা চলায় ৷ কিন্তু কুৰুৱা বন বিভাগৰ অপ্ৰাণ চেষ্টাক প্ৰত্যাহ্বান জনাই ভলীবলৰ নেট নেওঁচি বাঘটো পলাই যাবলৈ সক্ষম হয় ৷
বন বিভাগ(Darrang District Forest Office)ৰ দলটোৱে বাঘ ধৰাত ব্যৰ্থ হোৱাৰ পিছতে উত্তেজিত হৈ ৰাইজে কুৰুৱা বন বিষয়াক আৱদ্ধ কৰি ৰাখে ৷ কেৱল নেটেৰে বাঘটো ধৰিবলৈ চেষ্টা চলোৱা কাৰ্যই অঞ্চলটোত হাঁহিৰ খোৰাক যোগাইছে ৷ বন বিভাগৰ দলটোৰ অনভিজ্ঞতাৰ বাবে বাঘটো পলাই যাবলৈ সক্ষম হোৱা বুলি অভিযোগ তোলাৰ লগতে উত্তেজিত ৰাইজে বন বিভাগৰ দলটোক আৱদ্ধ কৰি জবাবদিহি কৰে ৷ বন বিভাগৰ ব্যৰ্থতাক ধিক্কাৰ দিয়ে গাঁওবাসীয়ে ৷
উল্লেখ্য যে, বন বিভাগে বাঘটো ধৰিব নোৱাৰাৰ পিছত সেই স্থানৰ পৰা বাঘটো পলায়ন কৰাত অঞ্চলজুৰি পুনৰ আতংকই বিৰাজ কৰিছে (Leopard menace at Shipajhar) ৷
লগতে পঢ়ক: গোহালি নহয়; এইবাৰ ব্ৰইলাৰ ফাৰ্মত সোমাল বাঘ