দলগাঁও, ২৬ নৱেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান ৰাজনীতিবিদ তৰুণ গগৈৰ অন্তোষ্টিক্ৰিয়া আনুষ্ঠানিকতাৰে নৱগ্ৰহ শ্মশানত সম্পন্ন হয় । লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ বিয়োগত ৰাজ্যৰ ভিন্ন প্ৰান্তত দল-সংগঠনসমূহে শেষ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে ৷

বৃহস্পতিবাৰে দলগাঁও ব্লক কংগ্ৰেছৰ উদ্যোগত খাৰুপেটীয়া ৰাজীৱ ভৱনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু ৰাজ্যসভাৰ সাংসদ আহমেদ পেটেলৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে বন্তি প্ৰজ্বলন ও প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় ৷ উক্ত সভাত ধৰ্মীয় গুৰুসকলে বেদ, পুৰাণ, গীতা, বাইবেল, ভাগৱতৰ লগতে কোৰাণ আদি পাঠ কৰি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু সাংসদ আহমেদ পেটেলৰ আত্মাৰ চিৰশান্তি শান্তি কামনা কৰি ঈশ্বৰ-আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰে ৷
লগতে পঢ়কঃচাকৰি নিয়মীয়া কৰণৰ দাবীত প্ৰতিবাদ অংগনবাড়ী কৰ্মীৰ