ETV Bharat / state

'পথৰুঘাটৰ ৰণ'ৰ 127 বছৰ : কৃষক শ্বহীদ দিৱসৰ অনুষ্ঠানত উপস্থিত মন্ত্ৰী অতুল বৰা - Jallianwallah Bagh massacre

'পথৰুঘাটৰ ৰণ'ৰ 127 বছৰ পূৰ্ণ হোৱাৰ পৰিপ্ৰক্ষিতত শুকুৰবাৰে পথৰুঘাটত পালন কৰা হয় কৃষক শ্বহীদ দিৱস (Krishak Swahid divash observed in Patharughat) ৷ চাওঁ আহক এই সম্পৰ্কত বিশেষ প্ৰতিবেদন ৷

krishak-swahid-divash-observed-in-patharughat
'পথৰুঘাটৰ ৰণ'ৰ 127 বছৰ : কৃষক শ্বহীদ দিৱসৰ অনুষ্ঠানত উপস্থিত মন্ত্ৰী অতুল বৰা
author img

By

Published : Jan 28, 2022, 2:34 PM IST

দৰং, 28 জানুৱাৰী : কৃষিভূমিৰ খাজনা বৃদ্ধিৰ জৰিয়তে দৰঙীয়া কৃষকক মাধমাৰ দিয়াৰ প্ৰতিবাদত আজিৰ পৰা 127 বছৰৰ পূৰ্বে জ্বলি উঠিছিল দৰঙীয়া ৰাইজ ৷ বৃটিছ শাসকৰ এই অনিয়ম মানি লোৱা নাছিল দৰঙীয়া কৃষক ৰাইজে ৷ ইয়াৰ বাবেই পথৰুঘাটত মিলিত হৈছিল বিদ্ৰোহী কৃষক ৰাইজ ৷ শাসকৰ বিৰুদ্ধে এইদৰে কৃষকে ঐক্যবদ্ধ সংগ্ৰামত মিলিত হোৱাৰ কথাটো সহজে মানি লোৱা নাছিল ব্ৰিটিছ চাহাবে ৷

'পথৰুঘাটৰ ৰণ'ৰ 127 বছৰ : কৃষক শ্বহীদ দিৱসৰ অনুষ্ঠানত উপস্থিত মন্ত্ৰী অতুল বৰা

ব্ৰিটিছ শাসকৰ নিৰ্দেশত নিৰীহ কৃষকৰ ওপৰত জপিয়াই পৰিছিল পুলিচ বাহিনী ৷ ১৮৯৪ চনৰ ২৮ জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোতেই দৰং জিলাৰ পথৰুঘাটত 140 গৰাকী নিৰীহ কৃষকক এইদৰে হত্যা কৰিছিল ব্ৰিটিছ শাসকৰ পুলিচ বাহিনীয়ে (Pataharughat massacre by British) । পথৰুঘাটৰ নিৰীহ কৃষকৰ এই বলিদান ইতিহাসৰ পাটত 'পথৰুঘাটৰ ৰণ' হিচাপে সোণালী আখৰেৰে লিখিত হৈ ৰ’ল ৷

পিছে, জালিয়ানৱাল্লাহ বাগৰ গণহত্যাৰো (Jallianwallah Bagh massacre) পঁচিশ বছৰ আগতেই দৰঙীয়া কৃষক ৰাইজে কৰা দিয়া বলিদান আজিও সৰ্বভাৰতীয় পৰ্যায়ত প্ৰাপ্য চৰ্চাৰ পৰা বঞ্চিত হৈ ৰোৱা বুলি বিভিন্ন সময়ত বিভিন্ন মহলত আলোচিত হৈ আহিছে ৷

আজি 'পথৰুঘাটৰ ৰণ'ৰ 127 বছৰ পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰতি বছৰৰ দৰে পথৰুঘাটত পালন কৰা হ’ল কৃষক শ্বহীদ দিৱস (Krishak Swahid divash observed in Patharughat) ৷ দৰং জিলা প্ৰশাসনে পালন কৰা এই শ্বহীদ দিৱসত অংশ ল’লে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা (Minister Atul Bora) ৷ পুৱাৰ ভাগত দৰং জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলেও কৃষক শ্বহীদসকলক শ্ৰদ্ধা জনাবলৈ অংশ ল’লে এই অনুষ্ঠানত ৷

লগতে পঢ়ক : পত্নী পঞ্চায়তৰ সভাপতি; কাকো খাতিৰ নকৰা স্বামীৰ প্ৰহাৰত আহত সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.