ETV Bharat / state

বাজপেয়ীৰ জন্ম বাৰ্ষিকীত 'কৃষক সন্মান নিধি'ৰ সপ্তম কিস্তি মুকলি কৰিলে কেন্দ্ৰই - 'সু-শাসন দিৱস'

মঙলদৈত 'সু-শাসন দিৱস' উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এখন সভা । ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ওপজা দিনটোতে 'কৃষক সন্মান নিধি'ৰ সপ্তম কিস্তি মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে । সপ্তম কিস্তিত প্ৰায় ১৮ হাজাৰ কোটি টকা ৯ কোটি কৃষকৰ বাবে মুকলি কৰি দিলে কেন্দ্ৰই ।

বাজপেয়ীৰ জন্ম বাৰ্ষিকীত 'কৃষক সন্মান নিধি'ৰ সপ্তম কিস্তি মুকলি কৰিলে কেন্দ্ৰই

author img

By

Published : Dec 25, 2020, 7:18 PM IST

মঙলদৈ, ২৫ ডিচেম্বৰ: প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম দিনটো 'সু শাসন দিন' হিচাপে পালন কৰা হয় । মঙলদৈতো জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে জিলা পুথিভঁৰালত এখন সভা অনুষ্ঠিত কৰা হয় । সভাত জিলাখনৰ আগশাৰীৰ ১০ গৰাকী কৃষকক সম্বৰ্ধনা জনোৱা হয় । প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্র দেশবাসীক বিশেষকৈ কৃষকসকলক উদ্দেশ্যি দিয়া ভাষণ সভাত উপস্থিত থকা লোকসকলৰ বাবে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে অৰুণাচল, হাৰিয়ানা আদি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত কৃষিৰ আঁচনিসমূহে কেনেদৰে ৰাজ্যবাসীক লাভান্বিত কৰিছে সেই বিষয়ে বাৰ্তালাপ কৰে । আজি ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ওপজা দিনটোতে 'কৃষক সন্মান নিধি'ৰ সপ্তম কিস্তিৰ প্ৰায় ১৮ হাজাৰ কোটি টকা দেশৰ ৯ কোটি কৃষকৰ বাবে মুকলি কৰি দিয়া হয় ।

জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ সঞ্চালনাত জিলা পুথিভঁৰালত অনুষ্ঠিত এই সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষক উপস্থিত থাকে । লগতে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, আৰক্ষী অধীক্ষক অমৃত কুমাৰ ভূঞা, মুখ্য কাৰ্যবাহী বিষয়া ৰমেন মালাকাৰ, অতিৰিক্ত উপায়ুক্ত কুমাৰ সুৰজিৎ বৰা, জিলা কৃষি বিষয়া, তথ্য আৰু জনসংযোগ বিষয়াকে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক:বদৰপুৰত বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়াব লাইফ লাইন এক্সপ্ৰেছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.