ETV Bharat / state

OC Kharupetia Arrested: ধন আৰু ক্ষমতাৰ খকেই কাল হ’ল অ’চি উৎপল বৰাৰ - JJM

'ব্লেক মেইলাৰ'ৰ ভূমিকাত অৱতীৰ্ণ হ'ল এগৰাকী আৰক্ষী (policeman plays role of black mailer)। যাৰ বাবে এইগৰাকী ব্লেক মেইলাৰ আৰক্ষী এতিয়া ৰঙাঘৰৰ আলহী হ'বলগা হৈছে । আৰক্ষীৰ হাততেই গ্ৰেপ্তাৰ হ'ল খোদ আৰক্ষী বিষয়া । খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা এইবাৰ গ্ৰেপ্তাৰ হৈছে ভুৱা গোচৰৰ অভিযোগত (Kharupatiya police station OC Utpal Bora arrested) ।

OC Kharupetia Arrested
OC Kharupetia Arrested
author img

By

Published : Jul 27, 2022, 1:44 PM IST

Updated : Jul 27, 2022, 5:16 PM IST

মঙলদৈ, ২৭ জুলাই : ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰে অন্যায়, অনিয়ম, দুৰ্নীতি তথা অপৰাধৰ ক্ষেত্ৰত অসম আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনাই আহিছে । কিন্তু তাৰ মাজতেই বহু ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন পৰ্যায়ৰ আৰক্ষী বিষয়া তথা কনিষ্টবল বিভিন্ন দুৰ্নীতিত লিপ্ত হোৱাৰো খবৰ আহি আছে । এক কথাত এতিয়াও বহু আৰক্ষীয়ে ৰক্ষকেই ভক্ষকৰ দৰে হৈ আছে ।

এইবাৰ পুনৰ খাকী পোছাকত লাগিল ক'লা দাগ । 'ব্লেক মেইলাৰ'ৰ ভূমিকাত অৱতীৰ্ণ হ'ল এগৰাকী আৰক্ষী (policeman plays role of black mailer)। যাৰ বাবে এইগৰাকী ব্লেক মেইলাৰ আৰক্ষী এতিয়া ৰঙাঘৰৰ আলহী হ'বলগা হৈছে । আৰক্ষীৰ হাততেই গ্ৰেপ্তাৰ হ'ল খোদ আৰক্ষী বিষয়া । খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা এইবাৰ গ্ৰেপ্তাৰ হৈছে ভুৱা গোচৰৰ অভিযোগত (Kharupatiya police station OC Utpal Bora arrested) ।

ভুৱা গোচৰত আতিশায্য় চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ খাৰুপোটীয়া থানাৰ অ'চি

উৎপল বৰাই ভুৱা গোচৰ জাপি দি সাধাৰণ লোকক হাৰাশাস্তি কৰাৰ লগতে বহু দিনৰ পৰা ধন দাবী কৰি অহাৰ অভিযোগ । উৎপল বৰা দৰঙৰ ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৈ থাকোঁতে এগৰাকী চিকিৎসক আৰু শিক্ষকক JJM আঁচনিৰ পাইপ চুৰি কৰা ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰাৰ লগতে ৫ লাখ টকা দাবী কৰিছিল । প্ৰায় এমাহ আগতে বিষয়াগৰাকীয়ে এই কাৰ্য সংঘটিত কৰিছিল । পিছত চিকিৎসক আৰু শিক্ষকগৰাকীয়ে উচ্চ আৰক্ষী বিষয়াক এই সন্দৰ্ভত সকলো কথা অৱগত কৰোৱাত অসম আৰক্ষীয়ে উৎপল বৰাৰ বিৰুদ্ধে গোপনে তদন্ত আৰম্ভ কৰে ।

তাৰ পিছত বৰাৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ লাভ কৰাত দৰং আৰক্ষীয়ে আটক কৰে বিষয়াগৰাকীক (Darang police arrested OC Utpal Bora) । বিষয়াগৰাকীক ইতিমধ্যে মঙলদৈ থানাত সোধাপোছা অব্যাহত ৰাখিছে । ইতিমধ্য়ে ।148 /22 ধাৰাৰ অধীনত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাক গ্ৰেপ্তাৰ কৰা হৈছে । উল্লেখ্য, বৰাৰ বিৰুদ্ধে মাটিৰ দালালৰ লগত হলিগলি থকাৰো অভিযোগ আছে । আনহাতে, তেওঁ দুবাৰকৈ বিদেশ ভ্ৰমণো কৰিছে ।

তেওঁৰ বিলাসী গাড়ী থকাৰ লগতে অগাধ সম্পত্তিৰ গৰাকী বুলিও অভিযোগ একাংশৰ । ইতিমধ্যে এই সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ এনে কুকৰ্মই এতিয়া সকলোকে স্তম্ভিত কৰিছে । লগতে প্ৰশ্ন উত্থাপন হৈছে, সৰ্বসাধাৰণক সুৰক্ষাৰ দায়িত্বত নিয়োজিত এগৰাকী আৰক্ষী বিষয়াৰ পৰা ৰাইজে কেনেদৰে নিজৰ সুৰক্ষা তথা ন্যায় আশা কৰিব পাৰে !

লগতে পঢ়ক :Smugglers arrested with horn: গঁড়ৰ খৰ্গসহ আটক সৰবৰাহকাৰী

Last Updated : Jul 27, 2022, 5:16 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.