ETV Bharat / state

Swarjottar Axom বিতৰ্কত সাংবাদিক মৃণাল তালুকদাৰৰ স্বৰাজোত্তৰ অসম - বিতৰ্কত সাংবাদিক মৃণাল তালুকদাৰ

সদ্য প্ৰকাশিত গ্ৰন্থ "স্বৰাজোত্তৰ অসম 1947-2019" ত মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ বিষয়ে লেখকদ্বয় মৃণাল তালুকদাৰ আৰু কিশোৰ কুমাৰ কলিতাই বিকৃত ৰূপত দাঙি ধৰাৰ অভিযোগ দৰং জিলা ছাত্ৰ সন্থা আৰু দৰং গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ ৷ এই সন্দৰ্ভত মঙলদৈ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলযোগে দুয়োটা জাতীয় সংগঠনে সংশোধন নকৰা পৰ্যন্ত গ্ৰন্থখন বন্ধ কৰিবলৈ দাবী জনাই ৷

Journalist Mrinal Talukdar in controversy
মাধ্যম আন্দোলনক বিকৃত উপস্থাপন কৰি বিতৰ্কত সাংবাদিক মৃণাল তালুকদাৰ
author img

By

Published : Nov 30, 2019, 2:22 PM IST

Updated : Aug 13, 2022, 11:30 AM IST

দৰং, 30 নৱেম্বৰ: লিখক তথা বিজেপি নেতা সত্যৰঞ্জন বৰাৰ পিছত এইবাৰ বিতৰ্কত সাংবাদিক মৃণাল তালুকদাৰ(Journalist Mrinal Talukdar in controversy) ৷ সদ্য প্ৰকাশিত গ্ৰন্থ "স্বৰাজোত্তৰ অসম 1947-2019" ত মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ বিষয়ে লেখকদ্বয় মৃণাল তালুকদাৰ আৰু কিশোৰ কুমাৰ কলিতাই বিকৃত ৰূপত দাঙি ধৰাৰ অভিযোগ দৰং জিলা ছাত্ৰ সন্থা আৰু দৰং গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ ৷

উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত 1972 চনত পৰিচালিত হোৱা মাধ্যম আন্দোলন আছিল এক স্বত:ফূর্ত জাতীয় আন্দোলন ৷ এই আন্দোলনৰ অন্যতম কাৰ্যসূচী 1972 চনৰ 5 অক্টোবৰৰ অসম বন্ধত দৰঙৰ খাৰুপেটীয়াত দোকান পোহাৰ খোলা ৰখা একাংশ ব্যৱসায়ীক বুজাই বঢ়াই দোকান বন্ধ কৰিবলৈ যোৱা ছাত্ৰ সকলৰ মাজত আছিল মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কিশোৰ ছাত্ৰ মোজাম্মিল হক

কিন্তু শান্তিপূৰ্ণভাৱে দোকান বন্ধ কৰিবলৈ অনুৰোধ কৰা স্বত্তেও পূৰ্বৰে পৰা সষ্টম হৈ থকা আন্দোলন বিৰোধী দুষ্কৃতিকাৰীৰ দলে জধে-মধে নিৰস্ত্ৰ আৰু নিৰীহ ছাত্ৰ সকলক লোহা লাঠি আদিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ফলত গুৰুতৰ ভাৱে আহত হৈছিল মোজাম্মিল হক ৷ সংকটজনক অৱস্থাত তেওঁক গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও পিছদিনা অৰ্থাৎ 6 অক্টোবৰত মৃত্যু হয় ছাত্ৰ মোজাম্মিলৰ ৷ আৰু ইয়াৰ পাছতেই সদৌ অসম ছাত্ৰ সন্থাই তেওঁক মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী ছহিদ হিচাপে ঘোষণা কৰে ৷

কিন্তু সাংবাদিক মৃণাল তালুকদাৰ আৰু কিশোৰ কুমাৰ কলিতাৰ সদ্য প্ৰকাশিত "স্বৰাজোত্তৰ অসম 1947-2019" নামৰ গ্ৰন্থত ই আন্দোলনটোক বিকৃত ৰূপত তুলি ধৰি এই আন্দোলনক ঘাইকৈ অভিবাসী মুছলমান আৰু বঙালী হিন্দুৰ সংঘৰ্ষ হিচাপে অভিহিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে সদৌ দৰং জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিয়ে

গ্ৰন্থখনত সেই দুই দলৰ সংঘৰ্ষৰ সময়ত পুলিচৰ গুলীতহে মোজাম্মিল হকৰ মৃত্যু হোৱা বুলি উপস্থাপন কৰিছে লিখকদ্বয়ে ৷ ইয়াৰ উপৰিও লেখকদ্বয়ে মোজাম্মিল হককো অভিবাসী বা মিঞা মুছলমান সজোৱাৰ লগতে মাধ্যম আন্দোলনটিকো বিকৃত ৰূপত তুলি ধৰি ইতিহাস বিকৃত কৰাৰ গভীৰ ষঢ়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগঠন দুটাই ৷

এই সমগ্ৰ বিষয়টোক লৈ মঙলদৈ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলযোগে দুয়োটা জাতীয় সংগঠনে এনে হঠকাৰী কাৰ্যৰ ঘোৰ প্ৰতিবাদ কৰাৰ লগতে সংশোধন নকৰা পৰ্যন্ত গ্ৰন্থখন বন্ধ কৰিবলৈ দাবী জনাইছে ৷ লগতে মাধ্যম আন্দোলনৰ দৰে জাতিৰ স্বাভিমান জড়িত থকা জাতীয় আন্দোলনটিক এনেদৰে বিকৃত কৰি অসমীয়া জাতিৰ লগতে মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী ছহিদক অপমান কৰাৰ বাবে জাতীয় সংগঠন আৰু ছহিদ পৰিয়ালে গ্ৰন্থকাৰ দুজনক গৰিহণা দিয়াৰ উপৰিও অসমীয়া জাতিৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবলৈ দাবী কৰে ৷

Last Updated : Aug 13, 2022, 11:30 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.