মঙলদৈ,২০ জুলাই: দৰঙ জিলাতো ক'ৰণাৰ সংক্ৰমণ দৈনিক ভয়াৱহ ভাৱে বৃদ্ধি পাই আহিছে। ইয়াৰ মাজতে দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা আৰু তেওঁৰ ব্যক্তিগত গাড়ী চালকৰ দেহতো ধৰা পৰিছিল ক'ভিড-১৯ পজিটিভ । জিলা পৰিষদৰ এই দুগৰাকী ব্যক্তিৰ দেহত ক'ভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ পাছতো কিন্তু জিলা পৰিষদে পালন নকৰিলে ক'ৰণা ৰোধৰ বাবে জাৰি কৰা চৰকাৰী নীতি নিৰ্দেশনা ।
সাধাৰণতে কাৰ্যালয়টোৰ দুগৰাকীকৈ ব্যক্তিৰ দেহত ক'ভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ পিছতেই কাৰ্যালয় চৌহদটোকে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিব লাগে যদিও ন'হল কিন্তু এই ঘোষণা । কাৰ্যালয়ৰ লগতে কাৰ্যালয় চৌহদৰ চেনিটাইজেশ্যনো নকৰিলে পৰিষদৰ বিষয়া কৰ্মচাৰী সকলে।
জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা আৰু তেওঁৰ ব্যক্তিগত গাড়ী চালকৰ দেহত ক'ভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ লগে লগে সাধাৰণতে কাৰ্যালয়ৰ সকলোৰে স্বাৱ সংগ্ৰহ কৰি ক'ভিড-১৯ৰ পৰীক্ষা কৰিব লাগে যদিও সেয়াও নহ'ল । জিলাখনৰ এনে এটা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ এই ধৰণৰ কাণ্ডত এতিয়া সকলো হৈ পৰিছে বাকৰুদ্ধ । এনে পৰিস্থিতিত জিলাখনত ক'ৰণাৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।