ETV Bharat / state

সমাগত নিৰ্বাচনত ইউপিপিএল-বিজেপিয়ে যৌথভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াব: মন্ত্ৰী হিমন্ত

author img

By

Published : Jan 27, 2021, 9:44 PM IST

বুধবাৰে ওদালগুৰিৰ অম্বাগাঁও হাইস্কুলৰ খেলপথাৰত উদযাপন কৰা প্ৰথম বিটিআৰ চুক্তি দিৱসত উপস্থিত থাকে কেবিনেট মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ওদালগুৰিৰ লগতে সমগ্ৰ বিটিচিৰ উন্নয়নৰ হকে বহুকেইটা প্ৰকল্পৰ ঘোষণা কৰে মন্ত্ৰী শৰ্মাই ৷ লগতে তেওঁ আগন্তুক নিৰ্বাচনত ইউপিপিএল আৰু বিজেপিয়ে যৌথভাৱে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে ৷

dr himanta biswa sarma at udalguri
ওদালগুৰিত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

দৰং,27 জানুৱাৰী : বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ উদ্যোগত বুধবাৰে ওদালগুৰিৰ অম্বাগাঁও হাইস্কুলৰ খেলপথাৰত উদযাপন কৰা হয় প্ৰথম বিটিআৰ চুক্তি দিৱস ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেবিনেট মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

উক্ত অনুষ্ঠানত মন্ত্ৰী শৰ্মাই দিয়া ভাষণ অনুসৰি, অসম চৰকাৰে বিটিচিৰ প্ৰশাসনক পৰ্যাপ্ত সহযোগিতা আগবঢ়াব ৷ বিটিআৰ অঞ্চলত বিভিন্ন প্ৰতিষ্ঠান স্থাপন কৰা হ’ব । বিটিচি অঞ্চলৰ বাট-পথ নিৰ্মাণৰ বাবে অসম চৰকাৰে 500 কোটি টকাৰ অনুমোদন দিয়াৰ লগতে তেওঁ বিটিচিক অসম চৰকাৰে দিব লগা 676 কোটি টকা এবাৰতে মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰে ৷

আনহাতে, ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাচ স্থাপন কৰাৰ উপৰিও প্ৰতিখন পৰিষদীয় সমষ্টিত একোখনকৈ চৰকাৰী মহাবিদ্যালয় স্থাপনৰ ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, তামুলপুৰ মহকুমাক শীঘ্ৰেই জিলালৈ ৰূপান্তৰ কৰা হ’ব । অনুষ্ঠানৰ মাজতে মন্ত্ৰী শৰ্মাই ওদালগুৰিত Good will Projectৰ শুভাৰম্ভণি কৰে ৷

হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

নিৰ্বাচনী সন্দৰ্ভত উল্লেখ কৰা অনুসৰি, আটাইকেইটা বিধানসভা আসনৰ বাবে ইউপিপিএল আৰু বিজেপিয়ে যৌথভাৱে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷ ইউপিপিএল আৰু বিজেপিয়ে যৌথভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাতো 100 শতাংশই নিশ্চিত বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমযোগে মন্তব্য কৰে ৷

এই অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই উপস্থিত থাকি বিটিচি চৰকাৰখনে বিভিন্ন জাতি জনগোষ্ঠীৰ বাবে কাম কৰিব যাব বুলি উল্লেখ কৰে । তেওঁ এই মাহৰ ভিতৰতে 11 হাজাৰ লোকক ভূমি পট্টা প্ৰদান কৰাৰ কথা ঘোষণা কৰে ।

প্ৰমোদ বড়োৰ মন্তব্য

ইয়াৰোপৰি অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, এবছুৰ সভাপতি দীপেন বড়ো প্ৰমুখ্যে বহু কেইজন কাৰ্যবাহী সদস্য, এমচিএলএ, প্ৰশাসনিক বিষয়া আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক : বিটিচিত শীঘ্ৰেই হ’ব পঞ্চমখন জিলা: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.