ETV Bharat / state

মঙলদৈ অসামৰিক চিকিৎসালয়ত শীঘ্ৰেই ১৫ খন আইচিইউ বেডৰ ব্যৱস্থা

দৰং জিলাত দুগৰাকী কোভিড-19 পজিটিভ ৰোগী পোৱাৰ পিচতেই আজি জিলাখনত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মঙলদৈৰ আৱৰ্ত ভৱনত উপস্থিত হৈ জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী ৷

author img

By

Published : May 29, 2020, 10:51 PM IST

মঙলদৈ অসামৰিক চিকিৎসালয়ত শীঘ্ৰেই ১৫ খন আইচিইউ বেডৰ ব্যৱস্থা
মঙলদৈ অসামৰিক চিকিৎসালয়ত শীঘ্ৰেই ১৫ খন আইচিইউ বেডৰ ব্যৱস্থা

মঙলদৈ, 29 মে' : শুকুৰবাৰে দৰং জিলাত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ জিলাখনত দুগৰাকী কোভিড-19 ৰোগী পোৱাৰ পিচতে এইদৰে জিলাখনত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী ৷

ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী ভৱেশ কলিতা, বিধায়ক অশোক সিংঘাল, গুৰুজ্যোতি দাস, বিনন্দ কুমাৰ শইকীয়াৰ লগতে সাংসদ দিলীপ শইকীয়াৰ সৈতে জিলাখনত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ জিলাখনত উপস্থিত হৈ মঙলদৈ অসামৰিক চিকিৎসালয়ত শীঘ্ৰেই 15খন আইচিইউ বেডৰ ব্যৱস্থা মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে মঙলদৈ আৱৰ্ত ভৱনত প্ৰশাসন, আৰক্ষীৰে পৰ্যালোচনা বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী ।

মঙলদৈত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

দৰঙত ৫০০০ লোকক হম কোৱাৰন্টাইন কৰিছে জিলা প্ৰশাসনে । এইসমূহ পৰিয়ালক চৰকাৰে দিবলগীয়া ধন প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । বৈঠকত কোভিড-১৯ বৰ্তমানৰ সম্ভাৱ্য পৰিস্থিতিৰ ওপৰত আলোচনা কৰে আৰু সকলো ধৰণে সাজু হ’বলৈ পৰামৰ্শ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ বহিঃৰাজ্যৰ পৰা অহা লোকসকল স্কেনিং কৰাৰ অন্তত হোম কোৱাৰেণ্টাইন কৰাৰ ক্ষেত্ৰত অধিক কটকটীয়া কৰিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.