দৰং,28 নৱেম্বৰঃ ওদালগুৰি জিলাৰ হৰিশিঙা সমষ্টিৰ অন্তৰ্গত কবিৰালীত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী সভা । ৩৬ নং হৰিশিঙা পৰিষদীয় সমষ্টিত বি পি এফৰ মনোনীত প্ৰাৰ্থী ত্ৰিদিপ দৈমাৰীৰ হৈ নিৰ্বাচনী সভাত বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ভাষণত বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, বিটিচিত বিজেপিয়ে প্ৰকাশ কৰা ইস্তাহাৰ বিজেপিৰ নহয়, সেয়া মন্ত্ৰী হিমন্ত বিশ্বৰ নিজা ইস্তাহাৰ । বিজেপিয়ে এফালে ভূমিপত্তা প্ৰদানৰ কথা কয়, আৰু আনফালে উচ্চেদৰ কথা কয় বুলিও হাগ্ৰামাই সমালোচনা কৰে।
আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ বিশ্বজিৎ দৈমাৰীক এজন দুৰ্নীতিগ্ৰস্ত আৰু এবছুৰ পৰা খেদা খোৱা নেতা বুলি হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে ।
লগতে পঢ়কঃ লিংগ সমতা স্থাপনত অভিলেখ অৰুণাচল প্ৰদেশৰ