ETV Bharat / state

দৰঙত কংগ্ৰেছৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰা

author img

By

Published : Aug 14, 2022, 8:39 PM IST

ভাৰতৰ স্বাধীনতা লাভৰ 75 সংখ্যক বৰ্ষপূৰ্তি (76th Years of Independencee) উপলক্ষে ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে কংগ্ৰেছে উলিয়াইছে 'স্বাধীনতাৰ গৌৰৱময় যাত্ৰা' শীৰ্ষক শোভাযাত্ৰা (Gauravmoy Yatra of congress in Darrang) । সমান্তৰালভাৱে দেওবাৰে দৰঙত কংগ্ৰেছে আয়োজন কৰে এক শোভাযাত্ৰাৰ ।

Gauravmoy Yatra of congress in Darrang
দৰঙত কংগ্ৰেছৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰা

দৰং, 14 আগষ্ট: ভাৰতৰ স্বাধীনতা লাভৰ 75 সংখ্যক বৰ্ষপূৰ্তি (75th Years of Independence) উপলক্ষে ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে কংগ্ৰেছে উলিয়াইছে 'স্বাধীনতাৰ গৌৰৱময় যাত্ৰা' শীৰ্ষক শোভাযাত্ৰা । সামান্তৰালভাৱে দেওবাৰে দৰঙত কংগ্ৰেছে স্বাধীনতাৰ গৌৰৱময় যাত্ৰা উপলক্ষে এক শোভাযাত্ৰাৰ আয়োজন কৰে (Gauravmoy Yatra of congress in Darrang) ।

দৰঙত কংগ্ৰেছৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰা

দৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰি মঙলদৈৰ চৰকাৰ চক’ৰ পৰা টাংনি চাৰিআলিলৈ এক বিশাল শোভাযাত্ৰা আয়োজন কৰা হয় । শোভাযাত্ৰাৰ পূৰ্বে এখন সভাও অনুষ্ঠিত কৰা হয় । সভাত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই স্বাধীনতা আন্দোলনত কংগ্ৰেছৰ ভূমিকাৰ বিষয়ে প্ৰকাশ কৰে ।

লগতে বৰ্তমানৰ চৰকাৰখনক তীব্ৰভাৱে সমালোচনা কৰে সভাপতিগৰাকীয়ে । এতিয়া দেশ শাসন কৰাৰ নামত বিভেদৰ বীজ সিঁচা বুলি চৰকাৰক দোষাৰোপো কৰে তেওঁ । গৌৰৱ যাত্ৰাত মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ লগতে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন, মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসকে ধৰি প্ৰায় তিনি হাজাৰৰো অধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে ।

লগতে পঢ়ক: নলবাৰীত কংগ্ৰেছৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.