দলগাঁও, ২৫ জুলাইঃ দলগাঁৱত জুৱাৰীৰ দপদপনি ৷ জুৱা খেলৰ বিৰুদ্ধে "The hills Times"ৰ সাংবাদিক আবুল খায়েৰে বাতৰি সংগ্ৰহ কৰিব যোৱাক লৈ সাংবাদিকজনক অশ্লীল গালি-গালাজ দিয়ে জুৱাৰী চুলতান আলীয়ে ৷ ইমানতে শান্ত নাথাকি সাংবাদিকগৰাকীক প্ৰাণ মৰাৰ ভাবুকি দিয়াৰ লগতে কেমেৰাৰ সন্মুখতে চোকা অস্ত্ৰৰে সাংবাদিকগৰাকীৰ চকুত প্ৰহাৰ কৰে চুলতান আলীয়ে ৷ উক্ত ঘটনাৰ পাছত শনিবাৰে খোদ আৰক্ষী অধীক্ষকে সমষ্টিটোৰ অন্তৰ্গত উলুবাৰীত জুৱাৰ বিৰুদ্ধে অভিযান চলাই ৷
লগতে পঢ়কঃ কৰ’ণা জয় কৰি কৰ্তব্যত যোগদান 25 আৰক্ষীৰ
কিন্তু জুৱাৰীক উক্ত স্থানত নাপাই জুৱাৰীৰ বাহনখনৰ চাৰিওটা চকাৰ পাংচাৰ কৰি দিয়ে আৰক্ষীয়ে ৷ আনহাতে সাংবাদিজনে প্ৰহাৰ কৰা সন্দৰ্ভত দৈপাম আৰক্ষী চকীত জুৱাৰীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে । ইফালে উক্ত ঘটনাক সদৌ অসম সাংবাদিক সন্থাৰ (আজু) দৰং জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে কাৰ্যকৰী সভাপতি শ্ৰৱন ঝা আৰু সাধাৰণ সম্পাদক মজিবৰ ৰহমানে দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী কৰে ৷ লগতে দৈপাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই দায়িত্ব পালন নকৰাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰি দৈপাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন কৰিবলৈ সংগঠনটোৱে দাবী জনাই ৷
উল্লেখ্য যে,সংগঠনটোৱে সমগ্ৰ জিলাতেই জুৱা খেল উৎখাত কৰা লগতে কেইবাটাও দাবী সম্বলিত এক স্মাৰক পত্ৰ অসম চৰকাৰৰ গৃহ সচিব আৰু দৰং জিলা আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰে। একেদৰে উক্ত সাংবাদিকক প্ৰহাৰ কৰা ঘটনাক একে মুখে ধিক্কাৰ দিছে সচেতন মহলৰ লগতে আমছুৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ আৰু ইত্তেহাদ ফ্ৰন্টৰ ৰাজ্যিক সভাপতি নুৰ ইছলামে ।