দৰং,8মে' : দিনক দিনে বৃদ্ধি পোৱা নিবনুৱা সমস্যাৰ সুযোগ গ্ৰহণ কৰি এচাম লোকে প্ৰলোভন দেখুৱাই চাকৰিৰ বজাৰ মেলিছে দৰং জিলাত । শনিবাৰে দৰং আৰক্ষীয়ে তেনে এজন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চকটো ছিপাঝাৰৰ প্ৰণৱ চহৰীয়া বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি, ধৃত প্ৰণৱ চহৰীয়াই দৰঙৰ জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ জাল চহীৰে মঙলদৈ গেৰিমাৰীৰ আমিনা বেগম নামৰ মহিলা এগৰাকীক নিযুক্তি দিছিল । কম্পিউটাৰ ফাইল নিৰীক্ষক হিচাপে নিযুক্তি দি মহিলাগৰাকীৰ দৰমহা, অংশকালীন সময়সীমা আৰু কৰ্মৰ সময়ো নিৰ্ধাৰণ কৰি ভুৱা নিযুক্তি পত্ৰ দিছিল প্ৰৱঞ্চকজনে । কিন্তু যেতিয়া মহিলাগৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ত যোগদান কৰিবলৈ আহে তেতিয়া ঘটনাৰ সমগ্ৰ তথ্য পোহৰলৈ আহে ।
উল্লেখ্য যে, প্ৰণৱ চহৰীয়াই জিলাখনৰ প্ৰায় ১০ গৰাকী যুৱক-যুৱতীৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ত চাকৰি দিয়াৰ প্ৰলোভনেৰে মোটা অংকৰ ধন সংগ্ৰহ কৰিছিল । অৱশেষত আমিনা বেগমে নিজৰ কৰ্তব্যত যোগদান কৰিবলৈ অহাত হে জোলোঙাৰ মেকুৰী ওলাই পৰে । আনহাতে,এই প্ৰৱঞ্চনাৰ ঘটনাৰ সৈতে হীৰকজ্যোতি কলিতা নামৰ আন এজন প্ৰৱঞ্চক জড়়িত থকাৰ তথ্যও পোহৰলৈ আহিলে ৷ বৰ্তমান প্ৰৱঞ্চক হীৰককো বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷ সম্প্ৰতি ধৃত প্ৰণৱ চহৰীয়াক মঙলদৈ থানাত সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক:দেওবাৰে ঘোষণা হ’ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম