দলগাঁও, 1 জুলাই : দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত 1নং গলন্দি গাঁৱৰ মাজেৰে বৈ যোৱা টাংনি নদীৰ প্ৰবল গৰাখহনীয়াৰ ফলত ঘৰ-বাৰী সম্পূৰ্ণৰূপে নদীত জাহ যোৱাত গৃহহীন হৈ পৰিছিল কেইবাটাও পৰিয়াল। 1 নং গলন্দি প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লৈ থকা পৰিয়াল কেইটাক বুধবাৰে সাহাৰ্য প্ৰদান কৰে এ আই ইউ ডি এফে ৷
আই ইউ ডি এফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মজিবুৰ ৰহমানৰ নেতৃত্বত এটা সঁজাতি দল উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পৰিয়াল কেইটাক কিছু পৰিমাণে সকাহ দিয়াৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে । উল্লেখযোগ্য যে,টাংনী নদীৰ প্ৰবল গৰাখহনীয়াৰ ফলত 1নং গলন্দি প্ৰাথমিক বিদ্যালয়খনলৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ।
ইফালে খহনীয়াই গৃহহীন কৰা পৰিয়াল কেইটাৰ কোনো ধৰণৰ খবৰ নোলোৱাত দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াছ আলীক ব্যৰ্থ বিধায়ক বুলি মন্তব্য কৰে বেছিমাৰী জিলা পৰিষদৰ সদস্য ৰফিকুল ইছলামে ।
লগতে পঢ়ক : দেশৰ বিভিন্ন ৰাজ্যৰ COVID-19 ৰ শেহতীয়া তথ্য