ETV Bharat / state

Road accident at Sipajhar : তীব্ৰবেগী ট্ৰাকে মহতিয়ালে প্ৰাতঃভ্ৰমণলৈ অহা লোকক, 5 গৰাকীৰ মৃত্যু

author img

By

Published : May 24, 2022, 9:25 AM IST

Updated : May 24, 2022, 10:17 AM IST

মঙলবাৰে নিচেই পুৱাতে ছিপাঝাৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident at Sipajhar) ৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলত 5 গৰাকীকৈ ব্যক্তিৰ মৃত্যু ৷ প্ৰাতঃভ্ৰমণলৈ বুলি ওলাই আহিছিল উক্ত লোকসকল ৷ আৰক্ষীৰ বিৰুদ্ধে ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ৷ দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকখনৰ চালক-হেণ্ডিমেনে ৷

Road accident at Sipajhar
তীব্ৰবেগী ট্ৰাকে মহতিয়ালে প্ৰাতঃভ্ৰমণলৈ অহা লোকক

দৰং, 24 মে’: দৰং জিলাৰ কেন্দ্ৰস্থল স্বৰূপ ছিপাঝাৰত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা(Road accident at Sipajhar) ৷ ছিপাঝাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলেজ চ’কত মঙলবাৰে পুৱা সংঘটিত দুৰ্ঘটনাটোত নিহত হয় 5 গৰাকীকৈ লোক(Five persons died in a road accident) ৷

ঘটনাৰ বিৱৰণী অনুসৰি, প্ৰাতঃভ্ৰমণলৈ অহা সাতগৰাকীকৈ ব্যক্তিক তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় ৷ পুৱাৰ ভাগত খোজ কাঢ়িবলৈ আৰু শাৰিৰীক অনুশীলনৰ বাবে অহা লোকসমূহক মহতিয়াই নিয়াৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে AS- 11 BC- 1555 নম্বৰৰ ট্ৰাকখনৰ চালক-হেণ্ডিমেনে ৷

এই দুৰ্ঘটনাত মৃত্যুবৰণ কৰা লোকসকল ক্ৰমে জিণ্টুমণি আহমেদ(16), ইনদাদুল হক, জয়মতী বৰুৱা(75) আৰু সংগীতা বৰুৱা বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ পিছত বাকী আহত ব্যক্তিসকলক স্থানীয় লোকে উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ প্ৰেৰণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(GMCH) লৈ ৷

ট্ৰাকে মহতিয়াই নিয়াৰ ফলত 5 গৰাকীকৈ ব্যক্তিৰ মৃত্যু

স্থানীয় লোকে ঘটনাস্থলীত আৰক্ষী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ যাক লৈ বাক-বিতণ্ডা হয় আৰক্ষী আৰু স্থানীয় লোকৰ মাজত ৷ স্থানীয় লোকে অভিযোগ কৰা অনুসৰি, ঘটনাস্থলীৰ পৰা প্ৰায় 100 মিটাৰৰ দুৰত্বত থানাখন অৱস্থিত যদিও এঘণ্টা পলমকৈহে আৰক্ষীয়ে উপস্থিত হয় ৷

আনহাতে, আহতসকলৰ ভিতৰত এজন ব্যক্তিয়ে এম্বুলেঞ্চৰ অভাৱত মৃত্যুবৰণ কৰা বুলি জানিব পৰা গৈছে যদিও বৰ্তমানলৈকে লাভ কৰা নাই কোনো বিতং তথ্য ৷

লগতে চাওক: বৰপেটাৰোড, নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা: থিতাতে এজন নিহত

Last Updated : May 24, 2022, 10:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.