দৰং, 9 অক্টোবৰঃ দৰং জিলাৰ প্ৰথমটো চুইমিং পুলৰ নিৰ্মাণৰ খবৰে হাজৰিকাপাৰাবাসীলৈ আনিছে সুখৰ বতৰা ৷ হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ড০ হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ তথা লণ্ডন নিবাসী ডাঃ জয়ন্ত বিশ্ব শৰ্মা আৰু হাজৰিকাপাৰাৰ সু-সন্তান আমেৰিকা নিবাসী অভিযন্তা ভৱানী শৰ্মাৰ পৃষ্ঠপোষকতাত চুইমিং পুল নিৰ্মাণৰ প্ৰাৰম্ভিক কাম ইতিমধ্যেই আৰম্ভ হৈছে ৷ এই খবৰে জলক্ৰীড়াৰ সৈতে জড়িত নৱ প্ৰজন্মক যথেষ্ট উৎসাহ প্ৰদান কৰিব বুলি আশাবাদী দৰঙবাসী ৷ স্থানীয় ৰাইজিং ক্লাবত অনুষ্ঠিত এখন সভাত ডাঃ জয়ন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ মাতৃ মৃণালিনী দেৱীও অংশগ্ৰহণ কৰে ৷ ইয়াৰ লগতে নেহৰু স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সকলৰ লগতো মত বিনিময় কৰি পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে ৷
দৰঙত প্ৰথমটো চুইমিং পুল নিৰ্মাণ দুই প্ৰবাসী ভাৰতীয়ৰ - মৃণালিনী দেৱী
দৰং জিলাৰ প্ৰথমটো চুইমিং পুলৰ নিৰ্মাণ ৷ ড০ হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ তথা লণ্ডন নিবাসী ডাঃ জয়ন্ত বিশ্ব শৰ্মা আৰু হাজৰিকাপাৰাৰ সু-সন্তান আমেৰিকা নিবাসী অভিযন্তা ভৱানী শৰ্মাৰ পৃষ্ঠপোষকতাত চুইমিং পুল নিৰ্মাণ৷
![দৰঙত প্ৰথমটো চুইমিং পুল নিৰ্মাণ দুই প্ৰবাসী ভাৰতীয়ৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4704070-thumbnail-3x2-darang.jpg?imwidth=3840)
দৰং, 9 অক্টোবৰঃ দৰং জিলাৰ প্ৰথমটো চুইমিং পুলৰ নিৰ্মাণৰ খবৰে হাজৰিকাপাৰাবাসীলৈ আনিছে সুখৰ বতৰা ৷ হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ড০ হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ তথা লণ্ডন নিবাসী ডাঃ জয়ন্ত বিশ্ব শৰ্মা আৰু হাজৰিকাপাৰাৰ সু-সন্তান আমেৰিকা নিবাসী অভিযন্তা ভৱানী শৰ্মাৰ পৃষ্ঠপোষকতাত চুইমিং পুল নিৰ্মাণৰ প্ৰাৰম্ভিক কাম ইতিমধ্যেই আৰম্ভ হৈছে ৷ এই খবৰে জলক্ৰীড়াৰ সৈতে জড়িত নৱ প্ৰজন্মক যথেষ্ট উৎসাহ প্ৰদান কৰিব বুলি আশাবাদী দৰঙবাসী ৷ স্থানীয় ৰাইজিং ক্লাবত অনুষ্ঠিত এখন সভাত ডাঃ জয়ন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ মাতৃ মৃণালিনী দেৱীও অংশগ্ৰহণ কৰে ৷ ইয়াৰ লগতে নেহৰু স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সকলৰ লগতো মত বিনিময় কৰি পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে ৷
হাজৰিকাপাৰাত নিৰ্মাণ হব দৰঙৰ প্ৰথমটো চুইমিং পুল
Body:দৰং জিলাৰ প্ৰথমটো চুইমিং পুল নিৰ্মাণ হব হাজৰিকাপাৰাত। এই খবৰে জিলাখনৰ জলক্ৰীড়াৰ সতে জৰিত খেলুৱৈ তথা নৱ প্ৰজন্মক যথেষ্ট উৎসাহিত কৰিছে। হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰবাসী ভাৰতীয়ই হাজৰিকাপাৰাত চুইমিং পুল নিৰ্মাণৰ বিশেষ উদ্যোগ লোৱা বুলি জানিব পৰা গৈছে। অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, গড়কাপ্তানী ইত্যাদি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ তথা লণ্ডন নিবাসী ডাঃ জয়ন্ত বিশ্ব শৰ্মা আৰু হাজৰিকাপাৰাৰ সু সন্তান আমেৰিকা নিবাসী অভিযন্তা ভৱানী শৰ্মাৰ পৃষ্ঠপোষকতাত চুইমিং পুল নিৰ্মানৰ প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে। আজি ডাঃ জয়ন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মাতৃ মৃণালিনী দেৱী হাজৰিকাপাৰাত উপস্থিত হৈ চুইমিং পুল নিৰ্মাণৰ স্থান পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজিং ক্লাবত এখন সৌহাদ্যপূৰ্ণ সভাত ভাগ লৈ স্বাস্থ্যৰ সজাগতা সম্পৰ্কত বক্তব্য প্ৰদান কৰে। আনহাতে মাতৃ-পুত্ৰ দুয়োগৰাকীয়ে হাজৰিকাপাৰাস্থিত নেহৰু স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সকলৰ লগতো মত বিনিময় কৰি সু চিন্তাধাৰাৰে আগুৱাই যাবলৈ পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে। Conclusion:Debabrat goswami