মঙলদৈ, ২৬ ডিচেম্বৰ : অসম দৰ্শন (নামঘৰ) আঁচনিৰ অন্তৰ্গত ২০২০-২১ বৰ্ষত দৰং জিলাৰ মুঠ ২২০ টা নামঘৰে আঢ়ৈ লাখকৈ টকা অসম চৰকাৰৰ পৰা আৰ্থিক অনুদান লাভ কৰিবলৈ সক্ষম হৈছে । শনিবাৰে আমিনগাঁৱত কেন্দ্ৰীয়ভাৱে আয়োজিত এক অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ দ্বাৰা অসমৰ নামঘৰ সমূহৰ আন্তঃগাঠনি উন্নয়নৰ বাবে আগবঢ়োৱা এই ধনৰাশি মুকলি কৰি দিয়া হয় । দৰঙৰ নিৰ্বাচিত নামঘৰ সমূহৰ নামঘৰৰ প্ৰতিনিধি সকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে পুৱাতে আমিনগাঁও অভিমুখে ৰাওনা হয় ।
দৰং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত এক সভাত আনুষ্ঠানিক ভাৱে প্ৰতিনিধি সকলক মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই ফ্লেগ অফ কৰি তেওঁলোকৰ যাত্ৰাৰ শুভাৰম্ভণি কৰে । অনুৰূপধৰণে ছিপাঝাৰৰ নাৰিকলিৰ পৰা ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই আৰু জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকাই একাংশ ভক্তপ্ৰাণ প্ৰতিনিধিৰ আমিনগাঁও অভিমূখে কৰা যাত্ৰাৰ শুভাৰম্ভণি কৰে । এই কাৰ্যসূচীত জিলা তথ্য আৰু জনসংযোগ বিষয়া মণিমালা গগৈ, জোষ্ঠ পৰিকল্পনা বিষয়া মহেন্দ্ৰ দাস, পৰিকল্পনা বিষয়া সীমান্ত কোঁৱৰ আদিৰ উপৰিও বহু বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ।
অন্য এক খবৰৰ বাবে: ৰাজ্যৰ 8 হাজাৰ নামঘৰলৈ আৰ্থিক অনুদানৰ ঘোষণা অমিত শ্বাহৰ