দলগাঁও, 9 জানুৱাৰী : অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি একাংশ অশিক্ষিত লোকে দৰঙৰ বিভিন্ন সাপ্তাহিক বজাৰত শাক-পাচলিৰ দৰে বিক্ৰি কৰিছে মানুহৰ জীৱনদায়িনী ঔষধ । দৰং জিলাৰ টাংনী , বালুগাঁও , কৌপাটী, বেছিমাৰী , শিলবৰী , নেপালী বজাৰ , লালপুল , শ্যামপুৰ আদিকে ধৰি বিভিন্ন সাপ্তাহিক বজাৰ সমুহত মুকলিমুৰীয়াকৈ বিক্ৰি হৈ আছে বেংগল মাৰ্কা সৰ্ব ৰোগৰ আয়ুবেৰ্দিক ঔষধ । পশ্চিম বংগৰ পৰা অতি কম মূল্যত আয়ুবেৰ্দিক কোম্পানীৰ আমদানিকৃত ঔষধেৰে একাংশ বেপাৰীয়ে ৰমৰমীয়া ব্যৱসায় চলাইছে বুলি অভিযোগ স্থানীয় লোকৰ ।
উল্লেখ্য যে চিকিৎসা বিজ্ঞানৰ অ আ ক খ নজনা মুন্নাভাই এম বি বি এছ ৰূপী অনুজ্ঞাপত্ৰ বিহীন বেপাৰীয়ে পুৰুষ-মহিলাৰ সকলো ধৰণৰ ন-পুৰণি ৰোগৰ আয়ুবেৰ্দিক চিকিৎসা হাট-বজাৰৰ অলিয়ে গলিয়ে মুকলিমুৰীয়াকৈ প্ৰদান কৰি অহাত সংকোচিত হৈছে একাংশ সচেতন ৰাইজ ৷ এই সকল মুন্নাভাই এম বি বি এছ ৰূপী চিকিৎসকে সাপ্তাহিক বজাৰ সমুহত ৰিক্সা বা ঠেলা গাড়ীত গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফটো সম্বলিত ঔষধ সমূহ লৈ মাইকযোগে বিভিন্ন ধৰণৰ গান-বাজনা কৰি একগোট কৰে ৰাইজক ৷ আয়ুবেৰ্দিক চিকিৎসাৰ নামত দৰিদ্ৰ লোকক ৰাম ঠগন দিয়াৰ পিছতো প্ৰশাসনে তথা অসম চৰকাৰৰ স্বাস্থ্য বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত দিনক দিনে বৃদ্ধি পাইছে মুন্নাভাই এম বি বি এচৰ ৰূপী চিকিৎসকৰ সংখ্যা ।