দৰং, 14 জুনঃ দৰং জিলাৰ বামুনপাৰাত দেখা গ'ল এটা ব্যতিক্ৰমী কোৱাৰেইন্টাইন কেন্দ্ৰ ৷ প্ৰশাসন তথা স্থানীয় ৰাইজৰ সহযোগত কোৱোৰেন্টাইন হৈ থকা লোক সকলৰ বাবে ল'লে বিশেষ ব্যৱস্থা ৷
যি সময়ত একাংশ কোৱাৰেন্টাইন কেন্দ্ৰত কোৱাৰেন্টাইন হৈ থকা কিছু সংখ্যক লোকে উৎপাত তথা কেন্দ্ৰত উপযুক্ত সুবিধা নোপোৱাৰ অভিযোগ কৰাৰ লগতে আচবাব ধংস কৰিছে তেনে সময়তে দৰঙ জিলাৰ বামুনপাৰাত দেখা গ'ল এক ব্যতিক্ৰমী কোৱাৰেইন্টাইন কেন্দ্ৰ ৷ বামুনপাৰাত থকা এই কেন্দ্ৰটোত কোৱাৰেন্টাইন হৈ থকা লোক সকলে ৰাতিপুৱাৰ সময়ত যোগ চৰ্চাৰ লগতে সংগীত চৰ্চাও অব্যাহত ৰাখিছে ।
কোৱাৰেইন্টাইন কেন্দ্ৰত থকা লোক সকল যাতে মানসিকভাবে হতাশ নহয় তাৰ প্ৰতি লক্ষ্য ৰখি এনেধৰণৰ ব্যৱস্থা কৰিছে প্ৰশাসন তথা স্থানীয় ৰাইজে ৷ কেন্দ্ৰটোত বৰ্তমান ৮০ জন লোক কোৱাৰেইন্টাইন হৈ আছে । দেওবাৰে উক্ত কেন্দ্ৰটোত মঙ্গলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে পৰিদৰ্শন কৰি কোৱাৰেন্টাইনত থকা লোকসকলৰ এই কাৰ্যক উৎসাহ যোগায় । বিধায়ক গৰাকীৰ লগত মঙ্গলদৈ পৌৰসভাৰ কাৰ্যবাহী বিষয়া কমলজিৎ শৰ্মা, জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা, সাধাৰণ সম্পাদক মন্টু ডেকা, স্থানীয় যুৱক জ্যোৰ্তিময় ভৰদ্বাজো উপস্থিত থাকে ৷
লগতে পঢ়ক- চৰকাৰী সাহায্যৰ অপেক্ষাত এটা অসহায় পৰিয়াল