দলগাঁও,14 নৱেম্বৰঃ খাৰুপেটীয়া প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি জেষ্ঠ সাংবাদিক, সাহিত্য সভাৰ আজীৱন সদস্য মঙল সিং ঝানঝৰি শনিবাৰে নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে ।
উল্লেখযোগ্য যে, খাৰুপেটীয়া প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতিও সাংবাদিক মঙল সিং ঝাঝৰী ২০১০ চনতে আক্ৰান্ত হৈছিল দুৰাৰোগ্য কৰ্কট ৰোগত। মাৰোৱাৰী সম্প্ৰদায়ৰ ৫৬ বছৰীয়া অবিবাহিত এই গৰাকী সাংবাদিকে ১৯৮২ চনত ছাত্ৰ অৱস্থাৰ পৰাই অবিৰত ভাৱে খাৰুপেটীয়াৰ স্থানীয় সংবাদাতা হিচাপে জাগৃতি (হিন্দী পষেকীয়া), অগ্ৰদূত, সাপ্তাহিক মঙ্গল বাতৰি, নতুন প্ৰবাহ, দৈনিক জনসাধাৰণ, পূৰ্বাঞ্চল প্ৰহৰী আদি কাকত সমূহৰ জৰিয়তে সংবাদ সেৱা আগবঢ়াই আহিছিল ৷
ইপিনে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰি তোলে খাৰুপেটীয়া প্ৰেছ ক্লাৱৰ সাংবাদিক মহলক। খাৰুপেটীয়া প্ৰেছ ক্লাৱৰ সভাপতি শ্ৰৱন কুমাৰ ঝা, সম্পাদক আব্দুল হাকিম, জ্যেষ্ঠ সাংবাদিক মেছেৰ আলী, সদস্য ইমদাদুল ইছলাম সহ খাৰুপেটীয়া প্ৰেছ ক্লাৱৰ সদস্যসকল খাৰুপেটীয়া শ্মশান ঘাটত উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে জ্যেষ্ঠ সাংবাদিক গৰাকীলৈ ৷
লগতে পঢ়কঃ দিপাৱলী উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলা যুৱ মৰ্চাৰ ব্যতিক্ৰমী পদক্ষেপ