ETV Bharat / state

EX BJP workers meeting: ফাট মেলিছে নেকি বিজেপিত ! পুৰণি কৰ্মীক অৱহেলাৰ অভিযোগ - মঙলদৈৰ সাংসদ দিলীপ শইকীয়া

এটা সময়ত ভাৰতীয় জনাত পাৰ্টিৰ ভেঁটি বনোৱা লোকসকলক বৰ্তমান সময়ত বিজেপিৰ কোনো সভা-সমিতিত মতা দূৰৰে কথা কোনেও খবৰো নলয় ৷ দুই এটা পচা আলুৱে দলটো গেলাই পেলাইছে বুলি মন্তব্য প্ৰকাশ প্ৰাক্তন বিজেপি কৰ্মীৰ ৷

EX BJP workers meeting at Mangaldoi
ফাট মেলিছে নেকি বিজেপিত
author img

By

Published : Jul 3, 2023, 6:35 PM IST

Updated : Jul 3, 2023, 6:41 PM IST

ফাট মেলিছে নেকি বিজেপিত

মঙলদৈ, 3 জুলাই : ৰাজ্যত সততে বিজেপি দলত বিভাজন হোৱাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈ আহিছে ৷ বিভিন্ন সময়ত প্ৰাক্তন বিজেপি নেতা কৰ্মীসকলে নতুন বিজেপিৰ কৰ্মীসকলে তেওঁলোকক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷ চৰকাৰে যিমানেই সম্প্ৰীতিৰ কথা নকওক কিয় পুৰণি বিজেপিৰ নেতা, কৰ্মীসকলক বৰ্তমানৰ বিজেপি নেতা কৰ্মীসকলে সভা সমিতিত নিমন্ত্ৰণ নকৰাৰ লগতে তেওঁলোকৰ লগত কোনোধৰণৰ যোগাযোগ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷

এইবাৰ সোমবাৰে দৰং জিলাত পুনৰ পুৰণি বিজেপি নেতা কৰ্মীসকলে নতুন বিজেপি কৰ্মীসকলৰ বিৰুদ্ধে ক্ষোভ উজাৰি এখন সভাৰ আয়োজন কৰে ৷ ক্ষুব্ধ পুৰণি বিজেপিৰ নেতা কৰ্মীসকলে সংবাদমাধ্যমৰ আগত কয় যে, এটা সময়ত ভাৰতীয় জনাত পাৰ্টিৰ ভেঁটি বনোৱা লোকসকলক বৰ্তমান সময়ত বিজেপিৰ কোনো সভা-সমিতিত মতা দূৰৰে কথা কোনেও খবৰো নলয় ৷ দৰং জিলাত এজন সাংসদ আৰু ছিপাঝাৰত এজন বিধায়ক থকাৰ স্বত্বেও পুৰণি কৰ্মীসকল আজিৰ সময়ত অৱহেলিত হৈ থাকিব লগীয়া হৈছে ৷ দলৰ বিৰোধিতা কৰি এই সভা আয়োজন কৰা হোৱা নাই, প্ৰাক্তন কৰ্মীসকলে এবাৰ মনৰ কথা পাতিবলৈ এই সভাখনৰ আয়োজন কৰা হৈছিল ৷

মঙলদৈৰ পিপৰা দোকানৰ চিলাৰায় ভৱনত অনুষ্ঠিত কৰা হয় দৰং জিলাৰ পুৰণি তথা জেষ্ঠ বিজেপিৰ এই বিশেষ সভাখন । দৰঙৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 130 গৰাকী জ্যেষ্ঠ বিজেপিৰ কৰ্মীৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে বৰ্তমান দৰঙৰ বিজেপি কৰ্মীৰ কৰ্মকাণ্ডক লৈ ক্ষোভ উজাৰে ৷ মঙলদৈৰ সাংসদ দিলীপ শইকীয়া আৰু মঙলদৈৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে পূৰ্বৰ বিজেপিৰ নেতা তথা কৰ্মীসকলক কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত কৰে এই সভাত।

কংগ্ৰেছৰ পৰা নিজৰ স্বাৰ্থ সিদ্ধি বা কিছুসংখ্যক কংগ্ৰেছৰ কৰ্মীয়ে বিজেপিত যোগদান কৰি অকল ঠিকা কৰিবহে আহিছে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় এই সভাত। আনকি বৰ্তমান দৰং বিজেপিত দুই এটা পচা আলুৱে দলটো গেলাই পেলাইছে বুলি মন্তব্য প্ৰকাশ কৰে । পৰৱৰ্তী সময়ত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত উৰ্ধ্বতম বিজেপি নেতৃত্বই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

লগতে পঢ়ক: CM Himanta Biswa Sarma: তিনি গগৈ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated : Jul 3, 2023, 6:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.