ETV Bharat / state

দলগাঁৱত এনকাউন্টাৰ: আৰক্ষীৰ গুলিত নিহত আছা বাবু - দলগাঁও এনকাউন্টাৰ

দলগাওঁ থানাৰ অন্তৰ্গত ধনশিৰিৰ কাষত এনকাউন্টাৰ । পুতি থোৱা গুলিভৰ্তি পিষ্টল হাতত লৈয়েই আৰক্ষীলৈ গুলিচলনা কৰাত প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলিয়াবলৈ বধ্য হয় ডকাইতজনক ৷

দলগাঁৱত Encounter  !
দলগাঁৱত Encounter !
author img

By

Published : Aug 11, 2021, 4:51 PM IST

দৰং, 11 আগষ্ট : দলগাওঁ থানাৰ অন্তৰ্গত ধনশিৰিৰ কাষত এনকাউন্তাৰ । আৰক্ষীৰ গুলিত নিহত এটা দুধৰ্ষ ডকাইত । খাৰুপেটীয়া আৰক্ষীয়ে (Kharupetiya Police) দুধৰ্ষ ডকাইত আছা বাবুক মঙলবাৰে গ্ৰেপ্তাৰ কৰিছিল । নিশা 1.30 বজাত দলগাওঁ থানাৰ অন্তৰ্গত ধনশিৰিৰ কাষৰ নদীৰ পাৰত লুকুৱাই থোৱা পিষ্টল আৰক্ষীক দেখুৱাই দিবলৈ লৈ গৈছিল আছা বাবু ।

পুতি থোৱা গুলিভৰ্তি পিষ্টল হাতত লৈয়েই আৰক্ষীলৈ গুলিচলনা কৰাত প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলিয়াবলৈ বাধ্য হয় ডকাইতজনক ৷ আৰক্ষীৰ গুলিত গুৰুতৰভাৱে আহত হয় দুধৰ্ষ ডকাইতজন । তাৰ পিছতেই আছা বাবুক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ (Mangaldoi Civil Hospital) লৈ আহে যদিও আধা বাটতে মৃত্যু হয় আছা বাবুৰ ।

দলগাঁৱত Encounter !

উল্লেখ্য যে, এই আছা বাবুৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত আছে কেইবাটাও গোচৰ । চোৰ, ডকাইটি, অপহৰণ, এ টি এম চুৰি, হত্যা, গাড়ীচুৰি আদি বিভিন্ন গোচৰত অভিযুক্ত আছা বাবু ।

2014 চনৰ 29 আগষ্টত দৰং জিলাৰ জ্যেষ্ঠ অধিবক্তা বিনয় কুমাৰ ঘোষৰ হত্যাৰ মূল নায়ক আছিল আছা বাবু । মঙলদৈৰ মাজ মজিয়াত অধিবক্তাগৰাকীৰ ঘৰত ডকাইতি কৰি শেষত হত্যা কৰা হৈছিল ঘৰৰ গৰাকী বিনয় কুমাৰ ঘোষক । বিনয় কুমাৰ ঘোষৰ হত্যাকাণ্ডত জড়িত আছা বাবুই কেইমাহ মান কাৰাগাৰত থকাৰ পিছত জামিন লাভ কৰিছিল যদিও গোচৰ চলি আছিল । তাৰ পিছতো বিভিন্ন অপৰাধ চলাই গৈছিল আছা বাবুই ।

আৰক্ষীয়ে বিনয় বাবুয়ে দেখুৱাই দিয়া উক্ত স্থানৰ পৰা 7.65 পিষ্টল আৰু তিনি ৰাউণ্ড সজীৱ গুলি উদ্ধাৰ কৰে । অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে খাৰুপেটীয়া আৰক্ষীয়ে । আছা বাবুৰ বিৰুদ্ধে আছে 7 টাকৈ গোচৰ ৷

উল্লেখ্য যে, খাৰুপেটীয়া থানাত 270/18 US 307/302/498/494/IPCআনটো 308/18 US 366/34/IPC খাৰুপেটীয়া থানাত আনটো গোচৰ 235/21 U/S 379/511/34 IPC ধূলা থানাৰ গোচৰ নম্বৰ 309/19 U/S 25 মঙ্গলদৈ থানাত গোচৰ নম্বৰ 598/14 US 460/396/IPC399/411 IPC মঙ্গলদৈ থানাৰ গোচৰ নম্বৰ 1149/18 U/S 457/380/ IPCহাতীগাঁও থানাত গোচৰ নম্বৰ 640/18 U/S 395 IPC ৷

আছা বাবু আলিৰ ওৰফে আছা বাবুৰ ঘৰ খাৰুপেটীয়া থানা অন্তৰ্গত বিহুদিয়াত বুলি জানিবলৈ দিছে সহকাৰী আৰক্ষী অধীক্ষ ৰূপম ফুকন ।

লগতে পঢ়ক:এনকাউণ্টাৰ নহয়, আৰক্ষীৰ লাঠিৰ কোবত ৰোগীৰ মৃত্যু !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.